নেশ্যনেল ডেস্ক, ১ নৱেম্বৰ: বিগত কেইবামাহো ধৰি ইন্ধনৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক । পেট্ৰ'লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰাৰ পাচতো কেন্দ্ৰীয় চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছে বিৰোধীয়ে । কিন্তু সকলো অসাৰ প্ৰতিপন্ন হৈছে । ইন্ধনৰ মূল্য হ্ৰাস হোৱাৰ কোনো লক্ষণেই দেখা পোৱা নাই ।
এই সন্দৰ্ভত শনিবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী তথা প্ৰাক্তন পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, ক'ভিড-১৯ মহামাৰীৰে যুঁজ দিবলগীয়া হোৱা বাবে চৰকাৰে প্ৰায় দুবছৰ ধৰি পেট্ৰ'লিয়াম খণ্ডত বিনিয়োগ কৰিব পৰা নাছিল আৰু সেইবাবে ইন্ধনৰ মূল্যবৃদ্ধি হৈছে ।
উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ দায়িত্বত থকা বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাণপুৰত সংবাদ মাধ্যমৰ আগত কয় যে, ভাৰতে প্ৰায় ৮০ শতাংশ পেট্ৰ'লিয়ামজাত সামগ্ৰী আমদানি কৰে । ক'ভিড-১৯ মহামাৰীৰ ফলত যোৱা দুবছৰ ধৰি পেট্ৰ'লিয়াম খণ্ডত কোনো বিনিয়োগ কৰিব পৰা হোৱা নাই । ফলত ইন্ধনৰ দাম বাঢ়িছে ।
তেওঁ লগতে কয় যে, এতিয়া আমদানিৰ ব্যয়ও বৃদ্ধি কৰা হৈছে । সেয়েহে, ভাৰত চৰকাৰে নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ বাবে অধিক পৰিকল্পনা যুগুত কৰিবলৈ চেষ্টা চলাই আছে ।