নেশ্যনেল ডেস্ক,৭ এপ্ৰিল: দেশত মহামাৰীয়ে পুনৰ জটিল ৰূপ ধাৰণ কৰাৰ সময়তে কুম্ভ আৰক্ষীৰ বিশেষ পদক্ষেপ । ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ৫ হাজাৰ আৰক্ষীয়ে মানৱ শৃংখলৰ জৰিয়তে প্ৰদৰ্শন কৰিলে মাস্কৰ নমুনা । ২ গজ দূৰত্বত থিয় হৈ আৰক্ষীয়ে প্ৰদৰ্শন কৰিলে এই মাস্ক সদৃশ মানৱ শৃংখল । কুম্ভ আৰক্ষীয়ে ৰাইজক সজাগ কৰাৰ লগতে ইণ্ডিয়া বুক অব ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হয় ।
আৰক্ষীৰ এই সফলতাত কুম্ভমেলাৰ আইজি সঞ্জয় গুঞ্জিয়াল যথেষ্ট আনন্দিত । দেশত কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়চোৱাত তেওঁ সকলোকে সজাগ হ'বলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰে দিয়া নিৰ্দেশনা পালন কৰিবলৈ দেশবাসীক আহ্বান জনায় ।