নিউজ ডেস্ক, 17 এপ্ৰিল: উত্তৰাখণ্ডৰ হৰিদ্বাৰত চলি থকা কুম্ভ মেলাৰ মাজতে দেশজুৰি কৰ’ণা ভাইৰাছে পুনৰ গা-কৰি উঠিছে ৷ কৰ’ণাৰ দ্বিতীয় ঢৌত ইতিমধ্য বহু লক্ষাধিক লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে কেইবা সহস্ৰাধিকৰ ৷ শ্ৰী পঞ্চ নিৰ্বাণী আখৰাৰ মহামণ্ডলেশ্বৰ কপিল দেৱ দাসৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ উপৰিও কেইবাগৰাকীও সন্ত কৰ’ণাত আক্ৰান্ত হৈছে ৷
ইফালে হৰিদ্বাৰত অপ্ৰতিৰুদ্ধ কৰ’ণাৰ সংক্ৰমণক লৈ এইবাৰ কুম্ভ মেলা প্ৰতীকাত্মক ৰাখিবলৈ টুইট যোগে আহ্বান জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে ৷
কৰ’ণাৰ বাবে কুম্ভ মেলাক প্ৰতীকি ৰখাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ মোদীয়ে শনিবাৰে এক টুইট যোগে কয় যে, " আচাৰ্য মহামণ্ডলেশ্বৰ পূজ্য স্বামী অৱধেশানন্দ গিৰি জীৰ সৈতে আজি টেলিফোন যোগে বাৰ্তালাপ হৈছে ৷ তেখেতৰ পৰা সকলো সন্তৰ স্বাস্থ্যৰ বুজ লওঁ ৷ সন্তসকলে প্ৰশাসনক সকলোধৰণৰ সহযোগিতা আগবঢ়াই আহিছে ৷ মই ইয়াৰ বাবে সন্ত সকলক কৃতজ্ঞতা জ্ঞাপন কৰোঁ ৷ মই অনুৰোধ জনাওঁ যাতে কুম্ভ মেলাক কৰ’ণাৰ ভয়াৱহতাৰ ফালে লক্ষ্য কৰি প্ৰতীকাত্মক হিচাপে আয়োজন কৰা হওক ৷ ইয়াৰ দ্বাৰা এই সংকটৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় হ’ব ৷ "
উল্লেখ্য যে, শুকুৰবাৰে উত্তৰাখণ্ডত 2402 টা নতুন কৰ’ণাত সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, ক’ভিড-19ৰ এই নতুন ঘটনাৰ পাছত ৰাজ্যখনত কৰ’ণা ভাইৰাছত সংক্ৰমণৰ মুঠ সংখ্যা 118646 লৈ বৃদ্ধি পাইছে ৷ আনহাতে, ৰাজ্যখনত এই পৰ্যন্ত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 1819 গৰাকী লোকৰ ৷
লগতে পঢ়ক: কৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ