অসম

assam

কুম্ভ মেলাঃ হৰিদ্বাৰত ৩০ গৰাকী সাধু COVID-১৯ত আক্ৰান্ত

By

Published : Apr 16, 2021, 1:29 PM IST

হৰিদ্বাৰত অনুষ্ঠিত হৈ থকা মহা কুম্ভ মেলালৈ অশনি সংকেত কঢ়িয়াই আনিছে COVID-১৯ মহামাৰীয়ে । মেলাত উপস্থিত থকা সাধু-সন্যাসীৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি । হৰিদ্বাৰৰ মুখ্য চিকিৎসা বিষয়া ডাঃ এছ কে ঝাই জনোৱা মতে, চহৰখনত ৩০ গৰাকী সাধু COVID-১৯ত আক্ৰান্ত হৈছে ।

হৰিদ্বাৰত ৩০ গৰাকী সাধু COVID-১৯ত আক্ৰান্ত
হৰিদ্বাৰত ৩০ গৰাকী সাধু COVID-১৯ত আক্ৰান্ত

নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল: সমগ্ৰ দেশতে COVID-১৯ মহামাৰীয়ে পুনৰ কালৰূপ ধাৰণ কৰিছে । বিগত বৰ্ষত ভয়াৱহ সংকট সৃষ্টি কৰা মহামাৰীৰ সংক্ৰমণ যথেষ্ট নিয়ন্ত্ৰণলৈ আহিছিল যদিও এতিয়া পুনৰ বৃদ্ধি পাইছে সংক্ৰমণ । বৰ্তমান হৰিদ্বাৰত অনুষ্ঠিত হৈ থকা মহা কুম্ভ মেলাত অংশ লোৱা বহু ভক্ত, সাধু মহামাৰীৰ কবলত পৰিছে ।

শুক্ৰবাৰে হৰিদ্বাৰৰ মুখ্য চিকিৎসা বিষয়া ডাঃ এছ কে ঝাই সংবাদ মাধ্যমক জনোৱা মতে, চহৰখনত ৩০ গৰাকী সাধু COVID-১৯ত আক্ৰান্ত হৈছে । তেওঁ লগতে কয় যে, চিকিৎসা কৰ্মীৰ দলবোৰে সাধুসকলৰ আৰ টি-পিচি আৰ পৰীক্ষা কৰাই আছে । অহা ১৭ এপ্ৰিলৰ পৰা এই প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে । কুম্ভ মেলাত অংশ ল'বলৈ আহি মহামাৰীত আক্ৰান্ত হোৱা হৰিদ্বাৰৰ লোকসকলক হোম আইছ'লেছনত থকাৰ ব্যৱস্থা কৰা হৈছে ।

আনহাতে, চহৰখনৰ বাহিৰৰ পৰা মেলালৈ আহি মহামাৰীৰ কবলত পৰা লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ডাঃ ঝাই লগতে কয় যে, সংকটজনক অৱস্থাত থকা COVID-১৯ত আক্ৰান্ত ৰোগীসকলক ঋষিকেশস্থিত AIIMSলৈ প্ৰেৰণ কৰা হৈছে । তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে, হৰিদ্বাৰৰ চিকিৎসালয়সমূহত এতিয়াও পৰিস্থিতি নিয়ন্ত্ৰিত অৱস্থাতে আছে ।

ইফালে, মধ্যপ্ৰদেশৰ চিত্ৰকূটৰ পৰা হৰিদ্বাৰত অনুষ্ঠিত কুম্ভ মেলাত অংশগ্ৰহণ কৰিবলৈ অহা মহা নিৰ্বাণী আখৰাৰ মুৰব্বী কপিল দেৱ COVID-১৯ত আক্ৰান্ত হয় আৰু চিকিৎসাধীন অৱস্থাতে বুধবাৰে ডেৰাডুনৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয় । যোৱা পাঁচ দিনত, হৰিদ্বাৰত মুঠ ২১৬৭ জন লোক মহমাাৰীৰ কবলত পৰিছে ।

উত্তৰাখণ্ড ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ মতে, ১০ এপ্ৰিলত ২৫৪টা, ১১ এপ্ৰিলত ৩৮৬টা, ১২ এপ্ৰিলত ৪০৮টা, ১৩ এপ্ৰিলত ৫৯৪ টা আৰু ১৪ এপ্ৰিলত ৫২৫টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে । দেশত মহামাৰীৰ সংক্ৰমণে ভয়াৱহ ৰূপ লোৱা স্বত্বেও মহা কুম্ভ মেলা অহা ৩০ এপ্ৰিললৈকে অব্যাহত থাকিব বুলি জানিবলৈ দিছে বিষয়াসকলে ।

লগতে পঢ়ক:হাফকিন প্ৰতিষ্ঠানক কৰ'ণা প্ৰতিষেধক প্ৰস্তুতৰ বাবে কেন্দ্ৰৰ অনুমোদন

ABOUT THE AUTHOR

...view details