নিউজ ডেস্ক, ১৭ নৱেম্বৰ : বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত সংঘটিত সন্ত্ৰাসবাদী-বিৰোধী অভিযানত ৫ সন্ত্ৰাসবাদী নিহত হৈছে । সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ এটা দলৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত শুকুৰবাৰে নিৰাপত্তাৰক্ষীয়ে পাঁচজন সন্ত্ৰাসবাদীক হত্যা কৰা কথা আৰক্ষীৰ সূত্ৰত প্ৰকাশ । আনহাতে, এই অভিযান অন্তিম পৰ্যায়ত থকা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে ।
এক্সৰ এটা পোষ্টত কাশ্মীৰ জোন আৰক্ষীৰ এগৰাকী মুখপাত্ৰই কয়, "কুলগাম আপডেট দ্বিতীয় দিন : কুলগাম আৰক্ষী, সেনা আৰু চিআৰপিএফে পাঁচজন সন্ত্ৰাসবাদীক হত্যা কৰিছে । আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে । অন্তিম পৰ্যায়ত অপাৰেচন; এলেকাটো ঘেৰাও কৰা হৈছে ।"
অৱশ্যে এই প্ৰতিবেদন যুগুতোৱাৰ সময়লৈকে আৰক্ষীয়ে নিহত সন্ত্ৰাসবাদীকেইটাৰ পৰিচয় প্ৰকাশ কৰা নাই । লগতে এইটোও জানিব পৰা হোৱা নাই যে অঞ্চলটোত আৰু কোনো সন্ত্ৰাসবাদী লুকাই আছেনেকি । উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া দক্ষিণ কাশ্মীৰৰ কুলগামৰ দামহাল হাঞ্জিপোৰা অঞ্চলৰ চামনো অঞ্চলত নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰে । তাৰ পিছতে অঞ্চলটোত এটা সুৰক্ষা বেষ্টনী গঢ়ি তোলে আৰু তালাচী অভিযান আৰম্ভ কৰে । তালাচী অভিযানৰ সময়তে গুলীচালনা আৰম্ভ হয় ।