নিউজ ডেস্ক, 2 ছেপ্টেম্বৰ: গৃহভূমিৰ প্ৰতি মানুহৰ এক সুকীয়া প্ৰেম থাকে (Love to Motherland)। গৃহভূমিলৈ ঘূৰি অহা ব্যক্তিয়েহে জানে গৃহভূমিৰ গুৰুত্ব কি । শত্ৰু দেশৰ পৰা ঘৰলৈ উভতি অহাৰ সুখ সঁচাকৈ তুলনা বিহীন । কুলদীপ যাদৱে এনে সুখ লাভ কৰিছে । বিগত ৩০ বছৰ ধৰি পাকিস্তানৰ এখন কাৰাগাৰত বন্দী হৈ আছিল কুলদীপ যাদৱ (Kuldeep Yadav in pakistan jail)। অৱশেষত তেওঁ নিজৰ জন্মভূমি ভাৰতলৈ ঘূৰি আহিল । ই টিভিৰ ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত সেই সময়ছোৱাত তেওঁৰ ওপৰত হোৱা অত্যাচাৰৰ লগতে তেওঁৰ তিক্ত অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে কুলদ্বীপে (Kuldeep Yadav back to India)।
৩০ বছৰ কাৰাবন্দী হৈ থকা ভাৰতীয় নাগৰিক কুলদীপ যাদৱ অৱশেষত ঘৰলৈ উভতিল (Kuldeep Yadav released from Pak Jail)। ১৯৯২ চনত তেওঁ পাকিস্তানলৈ গৈছিল । ১৯৯৪ চনত ভাৰতলৈ উভতি অহাৰ বাবে সীমা অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে স্থানীয় লোকে তেওঁৰ ওপৰত সন্দেহ কৰিছিল । ইয়াৰ পিছতে এজেন্সীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে । মাত্ৰ ২৭ বছৰ বয়সতে তেওঁ পাকিস্তানৰ কাৰাগাৰত কাৰাবন্দী হৈছিল (Kuldeep Yadav imprisoned in Pakistan) ।
অৱশেষত ৩০ বছৰৰ পিছত তেওঁলোকে নিজৰ গৃহ চহৰলৈ উভতি আহিল ৷ কুলদ্বীপৰ প্ৰত্যাৱৰ্তনত পৰিয়ালটোত এক সুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল । কুলদীপ যাদৱক পাকিস্তানী এজেন্সীয়ে ধৰা পৰাৰ পিছত ১৯৯৪ চনৰ জুন মাহত ক’ৰ্ট মাৰ্চেল কৰা হৈছিল । প্ৰায় আঢ়ৈ বছৰ ধৰি তেওঁৰ জেৰা চলিছিল । তাৰ পিছত ১৯৯৬ চনত কুলদীপ যাদৱক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল ৷ সেয়ে তেওঁক লাহোৰৰ কোটালাখপাট অসামৰিক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ৷
কুলদীপ যাদৱে ৩০ বছৰৰ পাছত পাকিস্তানৰ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি আহমেদাবাদৰ নিজ গৃহত উপস্থিত হয় । ই টিভি ভাৰতৰ আগত তেওঁ পাকিস্তানৰ কাৰাগাৰৰ তিক্ত স্মৃতিৰ লগতে পৰিয়ালটোক লগ পোৱাৰ সুখানুভূতি ব্যক্ত কৰে । মাত্ৰ ২৭ বছৰ বয়সৰ পৰাই তেওঁ পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছিল । পাকিস্তানৰ কাৰাগাৰত মৃত্যু হোৱা সৰবজিৎ সিঙৰ বন্ধুও আছিল কুলদ্বীপ (Sarabjit Singh locked in Pakistani jail)। গুৰুত্বপূৰ্ণ কথাটো হ’ল, কুলদীপৰ পৰিয়ালে তেওঁক মুক্ত কৰাৰ বাবে কেইবাবাৰো চেষ্টা চলাইছিল ।
সৰবজিতৰ কথা কওঁতে কুলদীপ যাদৱে কয়, ‘‘মই ১৯৯৬ চনত জেললৈ গৈছিলো আৰু ১৯৯৭ চনত প্ৰথমবাৰৰ বাবে সৰবজিতক লগ পাইছিলো ৷ সৰবজিতৰ আৰু মোৰ মাজত ভাল বন্ধুত্ব আছিল । ১৫ দিনৰ মূৰে মূৰে জেইলাৰ সকল আমাৰ ওচৰলৈ আহিছিল । ৰুটিন পিৰিয়ড আছিল ১৫ দিন । ইয়াৰ পিছতহে পোৱা যায়, অৰ্থাৎ ১৫ দিনৰ পিছত সৰবজিতৰ নামটো পঠিয়াইছিল ৷ যিসকল লোকৰ নাম জেইলাৰে পঠিয়াইছিল, তেওঁলোকেহে লগ কৰিব পাৰিছিল । বৰ ভাল লাগিছিল । তেওঁ দেশৰ বাবেও কাম কৰিছিল আৰু দেশৰ বাবে প্ৰাণ হেৰুৱাইছিল’’ (Story of Sarabjit Singh)।
তেওঁ সৰবজিতৰ বিষয়ে আৰু কয়, ‘‘সৰবজিৎ অতি শান্ত স্বভাৱৰ আছিল । তাত থকা সকলো মানুহৰ লগত তেওঁ ভালদৰে মিলি গৈছিল । কিবা আভ্যন্তৰীণ কাজিয়াৰ বাবে তেওঁক হত্যা কৰা হ’ল । শেষ সময়ত তেওঁক লগ কৰিব নোৱাৰাৰ বাবে মই বৰ দুখ পাইছো’’ ।