নেশ্যনেল ডেস্ক,9 এপ্ৰিল :ধৰ্ষণৰ অভিযোগত বিজেপিৰ পৰা বহিষ্কাৰ হোৱাৰ প্ৰায় ডেৰ বছৰ পিছত, প্ৰাক্তন বিধায়ক কুলদীপ সিং চেংগাৰৰ পত্নী সংগীতা চেংগাৰক আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। উন্নাও জিলা পঞ্চায়তৰ নিৰ্বাচনত ফতেহপুৰ চৌৰাচীৰ পৰা প্ৰতিদ্বন্দিতা কৰিব সংগীতাই ৷ ইয়াৰ পূৰ্বেও 2016 চনত জিলা পঞ্চায়তৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল সংগীতা ৷
দলীয় কৰ্তৃপক্ষই জনোৱা মতে সংগীতাক প্ৰাৰ্থিত্ব প্ৰদনৰ ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ অধ্যক্ষ স্বতন্ত্ৰ দেৱ সিং আৰু সাধাৰণ সম্পাদক সুনীল বানচালে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ 2018 চনৰ এপ্ৰিল মাহত ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ গ্ৰেপ্তাৰ হোৱা নেতাজনৰ ঘৰুৱা অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷