নেশ্যনেল ডেস্ক,১ অক্টোবৰ :বিগত প্ৰায় ৪ মাহ ধৰি মণিপুৰত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ অব্যাহত আছে । একপ্ৰকাৰ ৰাজ্যখনত অস্থিৰতাই বিৰাজ কৰি আছে । পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণ বিফল হৈছে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰ । ইয়াৰ মাজতে অস্ত্ৰ বিৰতিত থকা কুকি জো উগ্ৰপন্থী সংগঠনে চৰকাৰক গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে । উগ্ৰপন্থী সংগঠনটোৱে গৃহ মন্ত্ৰালয়ক পৃথক অঞ্চলৰ দাবী জনাইছে ।
গৃহ মন্ত্ৰালয়ৰ এক সূত্ৰৰ মতে ভাৰত চৰকাৰৰ হাতত কুকি উগ্ৰপন্থী সংগঠনসমূহে উত্থাপন কৰা বিভিন্ন দাবীৰ এখন তালিকা আছে । সেই দাবীৰ ওপৰত ভিত্তি কৰি চৰকাৰে মণিপুৰত কুকিসকলৰ বাবে পৃথক অঞ্চল স্থাপন কৰাৰ সম্ভাৱনা পৰীক্ষা কৰি আছে বুলিও সূত্ৰটোৱে জনাইছে ।
সূত্ৰটোৰ মতে গৃহ মন্ত্ৰালয়ে অস্থিৰ ৰাজ্যখনত শান্তি স্থাপনৰ সকলো সম্ভাৱনা পৰীক্ষা কৰি আছে । শেহতীয়াকৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বাৰ্তালাপত কুকি-জো উগ্ৰপন্থী সংগঠনসমূহে পুডুচেৰীৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা দাবী কৰে । ৩ মে'ত মণিপুৰত জাতিগত অস্থিৰতা আৰম্ভ হোৱাৰ পাছৰে পৰা কুকি-জো সম্প্ৰদায়সমূহে চুৰাচান্দপুৰ, কাংপোকপি, চান্দেল, টেংনুপাল আৰু ফেৰজলকে ধৰি ৫ খন জিলাক লৈ এখন পৃথক প্ৰশাসনৰ দাবী কৰি আহিছে ।
কুকি-জো উগ্ৰপন্থী সংগঠনবোৰ ২০০৮ চনৰ পৰা ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰিত শান্তি আলোচনা ৰক্ষা কৰি আছে । কুকিৰ এজন নেতা হাওকিপে এই সন্দৰ্ভত কয় যে তেওঁলোকৰ সম্প্ৰদায়ৰ বাবে এক পৃথক প্ৰশাসন গঠনে বৰ্তমানৰ সংকট সমাধানৰ একমাত্ৰ উপায় । হাওকিপে লগতে কয় যে এখন পৃথক প্ৰশাসন গঠন কৰাটো কুকিসকলৰ দীৰ্ঘদিনীয়া দাবী আছিল ।