অসম

assam

ETV Bharat / bharat

Kuki students arrived in Kerala : উচ্চ শিক্ষা গ্ৰহণৰ উদ্দেশ্যে কেৰালাত উপস্থিত কুকি শিক্ষাৰ্থীৰ দল - Seats reserved for Manipur students

হিংসাজৰ্জৰ মণিপুৰৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে কান্নুৰ বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । মণিপুৰৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ আসনৰ আৱণ্টন । ২৩ গৰাকী কুকি শিক্ষাৰ্থী উপস্থিত হৈছে কান্নুৰত ।

Kuki students arrived in Kerala
উচ্চ শিক্ষা গ্ৰহণৰ উদ্দেশ্যে কেৰালাত উপস্থিত কুকি শিক্ষাৰ্থীৰ দল

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 1:31 PM IST

নেশ্যনেল ডেস্ক,২২ ছেপ্টেম্বৰ :মণিপুৰত চলিত হিংসাৰ ফলত শিক্ষাৰ্থীসকল যথেষ্ট পৰিমাণে ক্ষতিৰ সন্মুখীন হৈছে । তাৰ মাজতে প্ৰায় ২৩ গৰাকী কুকি শিক্ষাৰ্থী এইবাৰ শিক্ষাগ্ৰহণৰ বাবে কেৰালাৰ কান্নুৰত উপস্থিত হৈছে । ৭ জুলাইত আহ্বান কৰা কান্নুৰ বিশ্ববিদ্যালয়ৰ চিণ্ডিকেট বৈঠকত ৩ মে'ৰ পৰা মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত মণিপুৰৰ শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ বাবে বিশেষ আসন আৱণ্টন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল । তাৰ ভিতৰত শিক্ষাৰ্থীৰ প্ৰথম দলটো বুধবাৰে কান্নুৰত উপস্থিত হয় । মণিপুৰত ছাত্ৰ সংগঠনৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছিল ।

কান্নুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক গোপীনাথ ৰবীন্দ্ৰনে এই সন্দৰ্ভত কয় যে, তেওঁলোকে মণিপুৰৰ ৭০ গৰাকী শিক্ষাৰ্থীৰ এখন তালিকা লাভ কৰিছে, যিয়ে কান্নুৰ বিশ্ববিদ্যালয়ত পঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰিছে । আগন্তুক দিনত শিক্ষাৰ্থীৰ বাকী দলবোৰ কেৰালাত উপস্থিত হ'ব । বিশ্ববিদ্যালয়খনে অধ্যয়ন কৰা পাঠ্যক্ৰম আৰু কেৰালাৰ পাঠ্যক্ৰমৰ মাজত সামঞ্জস্য ৰাখিবলৈ আৰু নামভৰ্তি প্ৰক্ৰিয়াৰ সমন্বয় ৰক্ষা কৰিবলৈ এখন বিশেষ সমিতিও গঠন কৰিছে । সমিতিখন পঞ্জীয়ক আৰু বিশ্ববিদ্যালয়ৰ চিণ্ডিকেট সদস্যসকলৰ দ্বাৰা পৰিচালিত হ'ব ।

উল্লেখ্য যে মণিপুৰৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে বহুতো শিক্ষাৰ্থীয়ে তেওঁলোকৰ শিক্ষাগত অৰ্হতাৰ নথি পত্ৰ প্ৰস্তুত কৰাত বিফল হৈছে । সেয়েহে বিশ্ববিদ্যালয়খনে কৈছে যে, কান্নুৰ বিশ্ববিদ্যালয়ত অধ্যয়ন সম্পূৰ্ণ নোহোৱালৈকে প্ৰমাণপত্ৰ খন উপস্থাপন কৰিবলৈ সময় দিয়া হ'ব । বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যই লগতে কয় যে, মণিপুৰৰ শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ যিসকল আগ্ৰহী তেওঁলোকে আগবাঢ়ি আহিব পাৰে ।

ইফালে মহাবিদ্যালয়সমূহক তেওঁলোকক বিনামূলীয়াকৈ খাদ্য আৰু বাসস্থানকে ধৰি প্ৰাথমিক সুবিধা প্ৰদান কৰিবলৈও কোৱা হ'ব । বৰ্তমান, বিশ্ববিদ্যালয়খনে মণিপুৰৰ শিক্ষাৰ্থীসকলৰ অধ্যয়ন আৰু বাসস্থান আৰু আহাৰৰ ব্যৱস্থা বিনামূলীয়াকৈ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক :Curfew reimpose in West Imphal: মণিপুৰৰ পশ্চিম ইম্ফলত সম্পূৰ্ণৰূপে সান্ধ্য আইন জাৰি

ABOUT THE AUTHOR

...view details