তেজপুৰ, ৩ আগষ্ট :মণিপুৰৰ চুৰাচান্দপুৰ জিলাত কুকি সংগঠনে আয়োজন ৰাজহুৱা সমাধি বাতিল কৰা হয় । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশযোগে বৃহস্পতিবাৰে মণিপুৰৰ হিংসাত মৃত্যু হোৱা লোকৰ ৰাজহুৱা সমাধিৰ কাৰ্যসূচী বাতিল কৰে । নিৰ্দেশনা অনুসৰি আগন্তুক ৭ দিনৰ বাবে এই গণ সমাধি কাৰ্যসূচী বাতিল কৰা হৈছে । ইফালে সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থা আৰু দণ্ডাধীশৰ উপস্থিতিত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ভূমিত এই সমাধিৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনাইছে ।
উল্লেখ্য যে শেহতীয়াকৈ জনজাতীয় নেতাসকলে এক বৈঠকত সিদ্ধান্ত লৈছিল যে বৃহস্পতিবাৰে চুৰাচান্দপুৰৰ টুইবুং (লামকা)ৰ পীছ গ্ৰাউণ্ডত কুকি-জো'ৰ শ্বহীদসকলক সমাধিস্থ কৰা হ'ব । সেই সিদ্ধান্ত অনুসৰি হিংসাত্মক পৰিস্থিতিত নিহত হোৱা প্ৰায় ৩৫ টা মৃতদেহ একেলগে সমাধিস্থ কৰা হ'ব । এই কাৰ্যসূচীত হাজাৰ হাজাৰ লোক সমৱেত হোৱাৰ আশংকা কৰা হৈছিল । আনকি এই পৰিস্থিতিক লৈ কটকটীয়া নিৰাপত্তা বেষ্টনীও গঢ়ি তোলা হৈছে । ইয়াৰ পূৰ্বেও কুকি সংগঠনে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ আয়োজন কৰিছিল য'ত অস্ত্ৰ-শস্ত্ৰ লৈ বহু লোকে অংশ লৈছিল ।