নিউজ ডেস্ক, ১৪ মে' :মণিপুৰৰ কুকি সম্প্ৰদায়ৰ ১০ জন বিধায়কৰ আটাইকেইজনে ৰাজ্যখনত পৃথক প্ৰশাসনৰ দাবী জনাইছে । উল্লেখ্য, এই ১০ জন বিধায়কৰ ভিতৰত দুজন হৈছে বীৰেণ সিং চৰকাৰৰ মন্ত্ৰী (Biren Singh Govt Manipur) । শুকুৰবাৰে পৃথক প্ৰশাসনৰ দাবী বিধায়ককেইগৰাকীয়ে কয় মণিপুৰ ৰাজ্যই চিন-কুকি-জেমী জনজাতীয় লোকসকলক সুৰক্ষা দিয়াত শোচনীয়ভাৱে ব্যৰ্থ হৈছে (Kuki MLAs demand separate administration) ।
উল্লেখ্য, ৩ মে'ত সংঘটিত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজৰ সংঘৰ্ষৰ কেইদিনমান পিছতে বিধায়ককেইগৰাকীয়ে এই দাবী উত্থাপন কৰে । এই সংঘৰ্ষত ৰাজ্যখনত ৭০ জনৰো অধিক লোকৰ মৃত্যু হয় (70 killed in Manipur violence) । এক বিবৃতিত বিধায়ককেইগৰাকীয়ে কয় যে এই সংঘৰ্ষৰ পিছত মেইটেইসকলৰ মাজত বাস কৰাটো আমাৰ লোকসকলৰ বাবে মৃত্যুৰ দৰে (Kuki MLAs claim Manipur failed to protect) ।
বিবৃতিটোত স্বাক্ষৰ কৰাসকলৰ ভিতৰত বিজেপি বিধায়ক ভুঞ্জাগিন ভালটেও আছে । উল্লেখ্য, তেওঁ ৪ মে'ত ইম্ফলত তেওঁৰ বাহনত হোৱা আক্ৰমণৰ পিছত গুৰুতৰভাৱে আহত হৈছিল (BJP MLA Vunzagin Valte attacked in Manipur) । চিকিৎসাৰ বাবে তেওঁক বিমানেৰে দিল্লীলৈ লৈ যাবলগা হৈছিল । স্বাক্ষৰকাৰীসকলৰ ভিতৰত আছে বিজেপিৰ মন্ত্ৰী লেটপাও হাওকিপ আৰু নেমচা কিপগেন । আন স্বাক্ষৰকাৰীসকল হৈছে বিজেপিৰ হাওখোলেট কিপগেন, এলএম খাউট, এনগুৰচাংলুৰ চানেট, লেটজামানগ হাওকিপ আৰু পাওলিয়েনলাল হাওকিপ; আৰু কুকি পিপ'লছ এলায়েন্সৰ কিম্নিও হাওকিপ হেংছিং আৰু চিনলুনথাং হাওকিপ । তেওঁলোকে যোৱা বছৰৰ বিধানসভা নিৰ্বাচনৰ পিছত চৰকাৰ গঠনৰ বাবে বিজেপিক সমৰ্থন আগবঢ়াইছিল (Manipur violence) ।
উল্লেখ্য যে 60 খন আসনৰ মণিপুৰ বিধানসভাত এই বিধায়কসকলৰ শক্তি এক-ষষ্ঠাংশ । আনহাতে, যিহেতু 20 খন আসন পাহাৰীয়া অঞ্চলৰ আৰু ই হৈছে ৰাজ্যখনৰ ভৌগোলিক এলেকাৰ প্ৰায় 90%, সেয়ে তেওঁলোকে ৰাজ্যখনৰ জনজাতীয় বিধায়কসকলৰ অৰ্ধেক সংখ্যাক প্ৰতিনিধিত্ব কৰে ।
"মণিপুৰৰ অধীনত আমাৰ লোকসকল আৰু থাকিব নোৱাৰে । কিয়নো আমাৰ জনজাতীয় সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা ইমান তীব্ৰতাত উপনীত হৈছে যে বিধায়ক, মন্ত্ৰী, যাজক, আৰক্ষী আৰু অসামৰিক বিষয়া, সাধাৰণ লোক, মহিলা আৰু আনকি শিশুসকলকো ৰেহাই দিয়া হোৱা নাছিল । উপাসনাস্থলী, ঘৰ আৰু সম্পত্তি ধ্বংস হোৱাৰ কথা উল্লেখ নকৰিলোঁৱেই যেনিবা । মেইটেইসকলৰ মাজত পুনৰ জীয়াই থকাটো আমাৰ লোকসকলৰ বাবে মৃত্যুৰ দৰেই ভাল ।" বিধায়কসকলে বিবৃতিটোত কয় ।