নিউজ ডেস্ক, ৭ জুন : বুধবাৰে মণিপুৰৰ বহুসংখ্যক লোকে গৃহমন্ত্ৰী অমিত শ্বাহৰ দিল্লীস্থিত বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে (Kuki Community Protest at Amit Shah residence) । অৱশ্যে দিল্লী আৰক্ষীয়ে বেৰিকেড লগাই প্ৰতিবাদী লোকসকলক বাধা দিবলৈ চেষ্টা কৰে । উল্লেখ্য যে শেহতীয়াকৈ অমিত শ্বাহে হিংসাজৰ্জৰ মণিপুৰ ভ্ৰমণ কৰিছিল (Kuki Community Protest in Delhi) । আনহাতে, মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাক লৈ কুকি সম্প্ৰদায়ৰ মাজত ক্ষোভ এতিয়াও আছে । ইফালে নিৰন্তৰ হিংসাত্মক ঘটনাৰ পিছত মণিপুৰৰ পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই (violence hits Manipur) ।
উল্লেখ্য যে গৃহমন্ত্ৰী অমিত শ্বাহে ৩ মে'ত হোৱা হিংসাত্মক ঘটনাৰ পিছত মণিপুৰ ভ্ৰমণ কৰে (Amit Shah visit Manipur) । প্ৰতিবাদকাৰীসকলে কয় যে অমিত শ্বাহে আশ্বাস দিছিল যে ৰাজ্যখনলৈ শান্তি ঘূৰি আহিব । সেয়েহে আমি তেওঁক লগ কৰিবলৈ আহিছোঁ । উল্লেখ্য, ৰাজ্যখনত কুকি সমাজৰ বিৰুদ্ধে এতিয়াও হিংসাত্মক ঘটনা সংঘটিত হৈ আছে । সেয়েহে প্ৰতিবাদকাৰীসকলে শান্তিৰ দাবীত গৃহমন্ত্ৰীক শান্তিপূৰ্ণভাৱে সাক্ষাৎ কৰিবলৈ যোৱা বুলি কয় ।