নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী: বিজেপি নেতা ৰাকেশ সিঙক বুধবাৰে হাজিৰ কৰোৱা হয় আলিপুৰ আদালতত । কলকাতা আৰক্ষীয়ে হাজিৰ কৰোৱালে নেতাগৰাকীক । যুৱ বিজেপিৰ নেতা পামেলা গোস্বামীৰ বিৰুদ্ধে নাৰ্কটিক্স কন্ট্ৰল ব্যুৰ’ত থকা এটা গোচৰৰ সৈতে জড়িত আছিল বিজেপি নেতা ৰাকেশ সিং । এই সন্দৰ্ভত কলকাতাৰ আলিপুৰ আদালতে ১ মাৰ্চলৈকে কলকাতা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৰাকেশ সিঙক ।
মংগলবাৰে বিজেপি নেতাগৰাকীক উক্ত গোচৰৰ সম্পৰ্কত পশ্চিমবংগৰ বৰ্দ্বানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল । ইয়াৰ পূৰ্বে, কলকাতা আৰক্ষীয়ে মংগলবাৰে মাজনিশা ৰাকেশ সিঙৰ দুই পুত্ৰক গোস্বামীৰ সৈতে জড়িত থকাৰ বিৰুদ্ধে সিঙৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ।