অসম

assam

ETV Bharat / bharat

Kolkata Police Nab 2 : কলকাতাত জালনোটসহ আটক অসমৰ ২ নাগৰিক

কলকাতাত আটক অসমৰ দুই জালনোট সৰবৰাহকাৰী (fake note smugglers from Assam arrested in Kolkata) । সোমবাৰে নিশা কলকাতাৰ ধৰ্মতলা স্কোৱেৰৰ পৰা কলকাতা আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চৰ চোৰাংচোৱাই ১০ লাখ টকাৰ জালনোটসহ আটক কৰে দুই সৰবৰাহকাৰীক । ইতিমধ্যে অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰি অপৰাধী চক্ৰৰ সন্ধানৰ চেষ্টা অব্যাহত ৰাখিছে কলকাতা আৰক্ষীয়ে ।

fake
fake

By

Published : Jan 31, 2023, 8:26 PM IST

নিউজ ডেস্ক, ৩১ জানুৱাৰী : সোমবাৰে নিশা কলকাতাৰ ধৰ্মতলা স্কোৱেৰৰ পৰা কলকাতা আৰক্ষীৰ (Kolkata Police) বিশেষ টাস্ক ফ'ৰ্চৰ (Special Task Force, STF) চোৰাংচোৱাই ১০ লাখ টকাৰ জালনোট উদ্ধাৰ কৰে । লগতে জালনোটৰ সৰবৰাহৰ সৈতে জড়িত দুজন লোককো আটক কৰা হয় । কলকাতা আৰক্ষীৰ সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ কৰা লোক দুজন হৈছে অসমৰ বাসিন্দা ৷ গ্ৰেপ্তাৰ কৰা লোক দুজনক শেখৰ আলী আৰু আব্দুল ৰাজ্জাক খান বুলি চিনাক্ত কৰা হৈছে (fake note smugglers from Assam arrested in Kolkata) ৷

লালবজাৰ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, তেওঁলোকে এক গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল যে অসমৰ কিছু জালনোট সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ পৰিছে আৰু কলকাতাত এই জালনোটৰ লেনদেন আৰম্ভ কৰিছে । আনহাতে, তাৰে মাজৰ এটা দলে পশ্চিমবংগৰ বিভিন্ন প্ৰান্তত অসমৰ পৰা জালনোট আনি বিয়পাই দিয়াত ব্যস্ত হৈ থকাৰো তথ্য লাভ কৰে ।

এই তথ্য লাভ কৰাৰ পিছত টাস্ক ফ'ৰ্চৰ চোৰাংচোৱাই (intelligence of task force) তেওঁলোকৰ বিভিন্ন নেটৱৰ্কক সতৰ্ক কৰি দিয়ে । লগতে বিগত কেইবাদিনো ধৰি ইয়াৰ গতিবিধি ওপৰত নিৰীক্ষণ চলি আছিল । এই নিৰীক্ষণৰ সময়তে এছ টি এফে অসমৰ এই দুজন জালনোট সৰবৰাহকাৰীৰ সন্ধান লাভ কৰে । লালবজাৰৰ চোৰাংচোৱাই গোপন সূত্ৰৰ পৰা জানিব পাৰে যে তেওঁলোকে সোমবাৰে নিশা ধৰ্মতলাৰ মায়ো ৰোড আৰু ডাফৰিন ৰোডত জালনোট যোগান ধৰিবলৈ আহিব ।

জানিব পৰা মতে, ধৃত দুয়োজনেই এই জালনোটবোৰ ৰাজ্যখনত বিয়পাই দিবলৈ স্থানীয় দুষ্কৃতিকাৰীক হস্তান্তৰ কৰাৰ পৰিকল্পনা কৰিছিল । কিন্তু নিৰ্ভৰযোগ্য সূত্ৰে খবৰটো লাভ কৰাৰ পিছত চোৰাংচোৱাই সাধাৰণ পোছাকত গৈ উক্ত স্থানত উপস্থিত হয় । তাৰ পিছত আৰক্ষীয়ে অঞ্চলটোত সন্দেহজনকভাৱে ঘূৰি ফুৰা লোক দুজনক চিনাক্ত কৰে । তাৰ পিছতে চোৰাংচোৱাই তেওঁলোকৰ ওপৰত নজৰ ৰাখিবলৈ আৰম্ভ কৰে । তাৰ কিছু সময়ৰ পিছতে লোক দুজনক আটক কৰি তালাচী চলোৱা হয় । তালাচীৰ সময়ত তেওঁলোকৰ পৰা 10 লাখ টকাৰ জালনোট উদ্ধাৰ কৰা হয় । তাৰ পিছত দুয়োকে গ্ৰেপ্তাৰ কৰি লালবজাৰলৈ লৈ যোৱা হয় ।

কলকাতা আৰক্ষীৰ টাস্ক ফ'ৰ্চৰ চোৰাংচোৱাসকলে বৰ্তমান গ্ৰেপ্তাৰ কৰা অভিযুক্ত দুজনক নিজৰ জিম্মাত লৈ জেৰা আৰম্ভ কৰিছে (Kolkata Police interrogate fake note smuggler) । অনুসন্ধানকাৰীসকলে তেওঁলোকে কাক এই নোট যোগান ধৰিবলৈ চেষ্টা কৰি আছিল আৰু আন কোন কোন এই ৰেকেটৰ সৈতে জড়িত আছে আদি প্ৰশ্নৰ উত্তৰ বিচাৰি আছে (racket of fake note) ।

আনহাতে, কলকাতা আৰক্ষীয়ে অভিযুক্তৰ জবানবন্দী লিপিবদ্ধ কৰিছে আৰু জালনোট ব্যৱসায়ৰ মূল ডীলাৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰি আছে । লগতে লালবজাৰ থানাই ইতিমধ্যে অসম আৰক্ষীৰ (Assam Police) সৈতে যোগাযোগ কৰি ৰেকেটটোৰ মূল উৎসলৈ যোৱাৰ চেষ্টা কৰিছে । সূত্ৰ অনুসৰি, অসম আৰক্ষীক কলকাতালৈ আমন্ত্ৰণ জনোৱা হৈছে আৰু প্ৰয়োজন হ'লে গ্ৰেপ্তাৰ কৰা লোককেইজনক জেৰা কৰিবলৈও দিয়া হ'ব পাৰে ।

লগতে পঢ়ক :Assam New DGP : ডিজিপিৰ দায়িত্ব লৈয়েই জনসাধাৰণক দুৰ্ব্যৱহাৰ কৰা আৰক্ষীক সকিয়নী জি পি সিঙৰ

ABOUT THE AUTHOR

...view details