নেশ্যনেল ডেস্ক, 28 জুন :বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত প্ৰদান কৰা বিতৰ্কিত ভাষণৰ বাবে বলিউদৰ অভিনেতা তথা বিজেপি নেতা মিথুন চক্ৰৱৰ্তীক সোমবাৰে থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে ৷ দেওবাৰে কলকাতা আৰক্ষীয়ে ভিডিঅ' কনফাৰেন্সযোগে চক্ৰৱৰ্তীক সোমবাৰে থানাত উপস্থিত হোৱাৰ আদেশ দিয়ে ৷ অভিনয়ৰ পৰা ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি দিয়া মিথুন চক্ৰৱৰ্তীক 16 জুন তাৰিখে কলকাতা আৰক্ষীয়ে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন (West Bengal assembly polls)ৰ প্ৰচাৰৰ সময়ত আগবঢ়োৱা বিতৰ্কিত ভাষণ সন্দৰ্ভত সোধ-পোছ কৰিছিল ৷
উল্লেখ্যে যে, এপ্ৰিল-মে' মাহত অনুষ্ঠিত পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰসকলৰ ভিতৰত মিথুন চক্ৰৱৰ্তী আছিল অন্যতম ৷ উক্ত নিৰ্বাচনী প্ৰচাৰৰ সময়তে ষ্টাৰ কেম্পেইনাৰগৰাকীয়ে প্ৰদান কৰা ভাষণ সন্দৰ্ভত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত দেওবাৰে ভিডিঅ' কনফাৰেন্সযোগে আৰক্ষীয়ে তেওঁক সোধ-পোছ কৰে ৷ জানিব পৰা মতে তৃণমূল কংগ্ৰেছে কলকাতাৰ মাণিকতলা থানাত এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল ৷
উল্লেখ্য যে, নিৰ্বাচনী প্ৰচাৰৰ সময়ত চক্ৰৱৰ্তীয়ে তেওঁ অভিনয় কৰা এখন ছবিৰ এটি বিখ্যাত সংলাপ মাতিছিল ৷ উক্ত সংলাপটো আছিল, "Marbo ekhane lash porbe shoshane"(তোমাক ইয়াত মাৰিম আৰু মৃতদেহ গৈ শ্মশানত পৰিব) ৷ অৱশ্যে 2021 ৰ বিধানসভা নিৰ্বাচনত পশ্চিমবংগৰ শাসনৰ পৰা তৃণমূল কংগ্ৰেছক উৎখাত কৰাৰ বাবে বিজেপিয়ে যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও গৰিষ্ঠসংখ্যক আসনেৰে তৃণমূল কংগ্ৰেছ পুনৰ পশ্চিমবংগৰ শাসনত অধিষ্ঠিত হয় ৷