অসম

assam

By

Published : Mar 7, 2021, 5:14 PM IST

ETV Bharat / bharat

ড্ৰাগছ সৰবৰাহৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ বিজেপি নেতাৰ ঘনিষ্ঠ

কলকাতাৰ ড্ৰাগছ সৰবৰাহ ঘটনাৰ নতুন মোৰ । ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত পুনৰ বিজেপি নেতা ৰাকেশ সিঙৰ এজন ঘনিষ্ঠক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

ড্ৰাগছ সৰবৰাহৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ বিজেপি নেতাৰ ঘনিষ্ঠ
ড্ৰাগছ সৰবৰাহৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ বিজেপি নেতাৰ ঘনিষ্ঠ

নিউজ ডেস্ক,৭মাৰ্চ:কলকাতাত ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীৰ জালত পৰিল বিজেপি নেতাৰ ঘনিষ্ঠ । বিজেপি নেতা ৰাকেশ সিঙৰ সহযোগী লগতে পূৰ্বে গ্ৰেপ্তাৰ হোৱা দলৰ নেত্ৰী পামেলা গোস্বামীৰ সৈতে সম্পৰ্ক থকা ব্যক্তিগৰাকীক আৰক্ষীয়ে চহৰখনৰ নিউ টাউনৰ পৰা শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰে । কলকাতা আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে নিউ আলিপুৰৰ বাসিন্দা ৪২ বছৰীয়া লোকজন ৰাকেশ সিঙৰ অতি ঘনিষ্ঠ আৰু ড্ৰাগছ সৰবৰাহৰ ঘটনাৰ অন্যতম অভিযুক্ত । ইতিমধ্যে লোকজনৰ বিৰুদ্ধে নাৰ্ক'টিক ড্ৰাগছ এণ্ড চাইকোট্ৰ'পিক চাবষ্টেনছ (এনডিপিএছ) আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । ইতিমধ্যে কলকাতাৰ ড্ৰাগছ সৰবৰাহৰ ঘটনাত ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

যোৱা মাহত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক পামেলা গোস্বামী আৰু তেওঁৰ দুজন বন্ধুক নিউ আলিপুৰ অঞ্চলত গাড়ীৰে গৈ থকা অৱস্থাত তেওঁলোকৰ পৰা ৯০ গ্ৰাম কোকেইন জব্দ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল । পামেলা গোস্বামীয়ে অভিযোগ উত্থাপন কৰিছিল যে তেওঁ এই ঘটনাত ষড়যন্ত্ৰৰ বলি হৈছে । তাৰ পিছতে বিজেপিৰ পশ্চিম বংগ গোটৰ ৰাজ্যিক সমিতিৰ সদস্য ৰাকেশ সিং আৰু তেওঁৰ সৈতে ভ্ৰমণ কৰি থকা আন এজন ব্যক্তিক পুৰবা বৰধমান জিলাৰ গালচিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল । আৰক্ষীয়ে জনোৱা মতে গোচৰটোৰ অভিযুক্ত চহৰখনৰ অনাথগুঞ্জ ৰোডৰ পৰা যোৱা সপ্তাহত ৰাকেশ সিঙৰ আন এজন ঘনিষ্ঠ সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক:জনৌষধি কেন্দ্ৰৰ পৰা ঔষধ ক্ৰয়ৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details