নিউজ ডেস্ক, 11 নৱেম্বৰ:আজি অৰ্থাৎ ১৪ নৱেম্বৰত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উদযাপন কৰা হৈছে(Children's day special) । নেহৰুৰ জন্মদিৱসত সমগ্ৰ ভাৰততে শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে । ছাৰ্চ ইঞ্জিন গুগলেও শিশু দিৱস উপলক্ষে এটা বিশেষ ডুডল তৈয়াৰ কৰিছে । য’ত কলকাতাৰ ছাত্ৰ শ্ল’ক মুখাৰ্জীয়ে নিৰ্মাণ কৰা ছবিখন প্ৰদৰ্শন কৰি তেওঁক বিজয়ী হিচাপে ঘোষণা কৰা হৈছে ।
সোমবাৰে গুগলে ২০২২ চনৰ ডুডল ফৰ গুগল প্ৰতিযোগিতাত(Doodle for Google 2022 contest) বিজয়ী ঘোষণা কৰে । এইবাৰ কলকাতাৰ শ্লোক মুখাৰ্জীক(winner of Doodle for Google Shlok Mukherjee) ‘ইণ্ডিয়া অন দ্য চেণ্টাৰ ষ্টেজ’ শীৰ্ষক প্ৰেৰণাদায়ক ডুডলৰ বাবে ভাৰতৰ বাবে বিজয়ী ঘোষণা কৰা হয়(Kolkata boy is Indias winner of Doodle for Google) । সোমবাৰে Google.co.in প্ৰচাৰ কৰা হয় Shlokৰ এই Doodle।
তেওঁৰ চিত্ৰকলাৰ সন্দৰ্ভত শ্লোক মুখাৰ্জীয়ে কয় যে অহা ২৫ বছৰত মোৰ ভাৰতত মানৱতাৰ উন্নতিৰ বাবে বিজ্ঞানীসকলে পৰিৱেশ অনুকূল ৰবট নিৰ্মাণ কৰিব । ভাৰতে পৃথিৱীৰ পৰা মহাকাশলৈ বহু যাত্ৰা হাতত ল’ব । যোগ আৰু আয়ুৰ্বেদৰ ক্ষেত্ৰত ভাৰত আৰু অধিক উন্নতি সাধন কৰিব আৰু আগন্তুক বছৰবোৰত ভাৰত শক্তিশালী হ’ব ।
উল্লেখ্য যে, এইবাৰ কলাকৰ্ম প্ৰতিযোগিতাৰ আয়োজন কৰিছিল গুগলে । য'ত ভাৰতৰ ১০০খন চহৰৰ পৰা ১ম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ শিশুসকলে অংশগ্ৰহণ কৰিছিল । প্ৰতিযোগিতাখনত ১ লাখ ১৫ হাজাৰৰো অধিক প্ৰৱেশ পত্ৰ লাভ কৰে গুগলে । এই প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল "অহা ২৫ বছৰত মোৰ ভাৰত কেনে হ'ব"। আজি শিশু দিৱস উপলক্ষে শ্লোক মুখাৰ্জীক এই প্ৰতিযোগিতাৰ বিজয়ী হিচাপে ঘোষণা কৰা হৈছে ।
বিচাৰক পেনেলত গুগল ডুডলৰ দলৰ সৈতে অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক আৰু টিভি ব্যক্তিত্ব নীনা গুপ্তা, টিংকল কমিক্সৰ মুখ্য সম্পাদিকা, কুৰিয়াকোছে বৈছিয়ান, ইউটিউব ক্ৰিয়েটাৰ্ছ স্লেপইণ্ট, তথা শিল্পী আৰু উদ্যোগী আলিকা ভাট আদিকে ধৰি বহু লোক ।
তেওঁলোকে একেলগে সমগ্ৰ দেশৰ পৰা ২০ জন চূড়ান্ত প্ৰতিযোগীক বাছনি কৰা, কলাত্মক যোগ্যতা, সৃষ্টিশীলতা, প্ৰতিযোগিতাৰ বিষয়বস্তুৰ সৈতে মিল থকা, আৰু পদ্ধতিৰ স্বকীয়তা আৰু নতুনত্বৰ মাপকাঠীৰ ওপৰত প্ৰৱেশৰ মূল্যায়ন কৰাৰ কাম আছিল । ২০টা চূড়ান্ত প্ৰতিযোগী ডুডল ৰাজহুৱা ভোটদানৰ বাবে অনলাইনত প্ৰদৰ্শন কৰা হয় । ৰাষ্ট্ৰীয় বিজয়ীৰ উপৰিও ৪ গৰাকী গ্ৰুপ বিজয়ীকো নিৰ্বাচিত কৰা হয় । গুগলৰ বাবে ডুডল প্ৰতিযোগিতাৰ লক্ষ্য হৈছে যুৱক-যুৱতীসকলৰ সৃষ্টিশীলতাক উৎসাহিত কৰা আৰু কল্পনাশক্তিক(imagination) উদযাপন কৰা ।
লগতে পঢ়ক:WhatsApp new feature: WhatsApp গ্ৰুপত অধিক সদস্য হ'লে স্বয়ংক্ৰিয়ভাৱে সলনি হ’ব এই ছেটিং