অসম

assam

ETV Bharat / bharat

World Nurses Day: আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস তথা ইয়াৰ ইতিহাস - বিশ্ব নাৰ্ছ দিৱস বা ধাত্ৰী দিৱস

আজি সমগ্ৰ বিশ্বতে নাৰ্ছ দিৱস পালন কৰা হৈছে । নাৰ্ছসকল তথা ফ্লৰেন্স নাইটিংগেলৰ অৱদানক স্মৰণ কৰি সমগ্ৰ বিশ্বতে আজিৰ দিনটোত বিশ্ব নাৰ্ছ দিৱস বা ধাত্ৰী দিৱস পালন কৰা হয় । ইয়াৰ ইতিহাস তথা তাৎপৰ্য জানি লওঁ আহক...

Know why World Nurses Day is celebrated and its history
World Nurses Day: ১২ মে'ৰ দিনা কিয় পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস ?

By

Published : May 12, 2023, 3:01 AM IST

সমগ্ৰ বিশ্বতে ১২ মে’ৰ দিনা উদযাপন কৰা হয় নাৰ্ছ দিৱস বা ধাত্ৰী দিৱস । নাৰ্ছসকলৰ অৱদানক স্মৰণ আৰু সন্মান জনোৱাৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উদযাপন কৰা হয় (International Nurses Day 2023)। ফ্লৰেন্স নাইটিংগেলৰ জন্মদিন উপলক্ষে এই দিৱস পালন কৰা হয় । লেডী উইথ দ্য লেম্প নামেৰেও জনাজাত । উল্লেখ্য যে, যুদ্ধৰ সময়ত আহত ব্ৰিটিছ সৈন্যৰ বাবে তেওঁ নাৰ্ছ হিচাপে কাম কৰিছিল (International Nurses Day)।

আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ ইতিহাস: ১৯৫৩ চনত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ স্বাস্থ্য, শিক্ষা আৰু কল্যাণ বিভাগৰ এজন বিষয়াই নাৰ্ছ দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়ায় (Significance of International Nurses Day)। বিষয়াগৰাকীৰ নাম আছিল ড’ৰথী চাথাৰলেণ্ড । এই প্ৰস্তাৱত সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডেভিদ ডি আইজেনহাৱাৰে অনুমোদন জনোৱা নাছিল (History of International Nurses Day)।

ইয়াৰ পিছত ১৯৬৫ চনত বাৰ আইচিএনে নাৰ্ছ দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে ১২ মে’ তাৰিখে নাৰ্ছ দিৱস হিচাপে পালন কৰা হয় । ইয়াৰ পিছত ১৯৭৪ চনৰ জানুৱাৰী মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডেভিদ ডি আইজেনহাৱাৰে আনুষ্ঠানিকভাৱে এই দিৱস উদযাপনৰ কথা ঘোষণা কৰে । তেতিয়াৰ পৰাই প্ৰতি বছৰে ১২ মে’ত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন কৰা হয় (World Nurses Day is celebrated)।

আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস কিয় পালন কৰা হয় ?:১২ মে'ত এই দিৱস পালন কৰা হয় (Why is International Nurses Day celebrated)। নাৰ্ছ ফ্লৰেন্স নাইটিংগেলৰ অৱদানৰ স্মৃতিত এই দিৱস । তেওঁক নাৰ্চিংৰ প্ৰতিষ্ঠাপক হিচাপেও গণ্য কৰা হয় (When did International Nurses Day begin)। স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত তেওঁ বহুখিনি অৱদান আগবঢ়াইছিল, যাৰ বাবে তেওঁৰ অৱদানৰ স্মৃতিত প্ৰতি বছৰে ১২ মে’ত নাৰ্ছ দিৱস ঘোষণা কৰা হৈছিল ।

আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ তাৎপৰ্য: বিশ্বই এতিয়াও কৰ’না মহামাৰীৰ সৈতে যুঁজি আছে । গতিকে এই যুঁজত নাৰ্ছৰ ভূমিকাক আওকাণ কৰিব নোৱাৰি । চিকিৎসক আৰু অন্যান্য স্বাস্থ্যসেৱা কৰ্মীৰ দৰে নাৰ্চেও ৰোগীক অহৰহ যত্ন লৈ আহিছে ।

এই দিনটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল?: ১৯৭৪ চনৰ পৰা আৰম্ভ হৈছিল এই দিৱস উদযাপন । বিখ্যাত নাৰ্ছ ফ্লৰেন্স নাইটিংগেলৰ জন্মদিন আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস হিচাপে পালন কৰা হয় । ফ্লৰেন্স এগৰাকী নাৰ্ছৰ লগতে এগৰাকী সমাজ সংস্কাৰকও আছিল । ক্ৰিমিয়া যুদ্ধৰ সময়ত নাৰ্ছ ফ্ল’ৰেন্সে যি ধৰণে কাম কৰিছিল সেয়া সঁচাকৈয়ে প্ৰশংসনীয় আছিল । ৰাতি আহত সৈনিকৰ যত্ন লৈ ঘূৰি ফুৰিছিল বাবে তেওঁক দ্য লেডী উইথ দ্য লেম্প বুলিও জনা গৈছিল । ফ্লৰেন্স নাইটিংগেলে নাৰ্চিংক মহিলাৰ পেছালৈ ৰূপান্তৰিত কৰিলে ।

লগতে পঢ়ক:World Lupus Day 2023: অটোইম্যুন ৰোগ লুপাছৰ এই লক্ষণসমূহক ভুলতো নকৰিব আওকাণ

ABOUT THE AUTHOR

...view details