International No Diet Day 2023:আজি অৰ্থাৎ ৬ মে' তাৰিখে সমগ্ৰ বিশ্বতে ‘International No Diet Day’ পালন কৰা হয় । No Diet Day এক প্ৰকাৰে হৈছে নিজৰ প্ৰতি প্ৰেম প্ৰকাশ কৰাৰ দিন । আজি সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হৈছে । এই উপলক্ষে আমি আপোনালোকক জনাম যে কি উদ্দেশ্যত আন্তঃৰাষ্ট্ৰীয় ন' ডায়েট দিৱস পালন কৰা হয় ।
আন্তঃৰাষ্ট্ৰীয় ন' ডায়েট দিৱস কিয় পালন কৰা হয় ?
দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে মানুহৰ মাজত মেদবহুলতাৰ সমস্যা বহু পৰিমাণে বাঢ়িছে (No Diet Day)। মেদবহুলতাক সকলো ৰোগৰ মূল বুলি গণ্য কৰা হয় । এনে পৰিস্থিতিত যেতিয়া কোনো ব্যক্তি সময়ৰ আগতেই মেদবহুল হৈ পৰে, তেতিয়া বহু ধৰণৰ ৰোগ যেনে ডায়েবেটিছ, উচ্চ বি পি, হৃদৰোগ, কলেষ্টেৰল বৃদ্ধি, গাঁঠিৰ বিষ আদিয়ে তেওঁক অকালতে আগুৰি ধৰে (International No Diet Day)।
এই সমস্যাবোৰৰ মাজত বিশেষজ্ঞসকলে তেনে লোকক অতি অনুশাসিত খাদ্য গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে, যাতে এনে সমস্যা আৰু মেদবহুলতা নিয়ন্ত্ৰণ কৰিব পৰা যায় । এনে পৰিস্থিতিত বহু সময়ত মানুহে ডায়েটিঙৰ নিয়মৰ প্ৰতি ইমানেই আকৃষ্ট হৈ পৰে যে জীৱনটো উপভোগ কৰিবলৈ পাহৰি যায় । আন্তঃৰাষ্ট্ৰীয় ন’ ডায়েট দিৱস উদযাপনৰ জৰিয়তে তেওঁলোকক এদিনৰ বাবে খোৱা-বোৱা সকলো নিয়ম ভংগ কৰি নিজৰ চখ পূৰণ কৰিবলৈ দিয়া হয় আৰু জীৱন উপভোগ কৰাৰ সুযোগ দিয়া হয় (International No Diet Day 2023)।
শৰীৰৰ আকৃতি সঠিক কৰা এই সূত্ৰটো এৰি জীৱনটোক সুখেৰে উপভোগ কৰিবলৈ শিকোৱা হয় । এই দিনটোত মানুহে বিভিন্ন গতিবিধিৰ আয়োজন কৰি নিজৰ কোনো সম্পৰ্কীয় লোকক খাদ্যৰ বাবে নিমন্ত্ৰণ জনায় । এই দিনটোত তেওঁলোকে নিজৰ প্ৰিয় খাদ্য গ্ৰহণ কৰে ।