নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ :শ্বেয়াৰ বজাৰত ভাৰতৰ বৰ্তমান জয়জয়-ময়ময় অৱস্থা । যদিও সমগ্ৰ বিশ্ব মন্দাৱস্থাৰ প্ৰতি শংকিত, ভাৰতীয় শ্বেয়াৰ বজাৰ বিদেশী বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছে । শ্বেয়াৰ বজাৰত ব্যৱসায় কৰাৰ বাবে ছেঞ্চেক্স আৰু নিফটিয়ে নতুন অভিলেখ গঢ়িছে । সোমবাৰেও শ্বেয়াৰ বজাৰত এক ঐতিহাসিক দিন আছিল ।
নিফটিয়ে এক নতুন মাইলৰ খুঁটি স্থাপন কৰিছে । সোমবাৰে নিফটিয়ে ব্যৱসায়িক ছেছনত প্ৰথমবাৰৰ বাবে ২০০০০-ৰ সীমা অতিক্ৰম কৰে । কিন্তু এইটো প্ৰথমবাৰৰ বাবে নহয় যে নিফটিয়ে এক নতুন অভিলেখ স্থাপন কৰিছে । ২০ হাজাৰ পইণ্টৰ এই সংখ্যাত উপনীত হ'বলৈ নিফটিয়ে মাজত বহুতো অভিলেখ গঢ়িছে । নিফটিৰ এই মাইলৰ খুঁটিৰ সংখ্যাটো কি চাওঁ আহক ।
নিফটিৰ মাইলৰ খুঁটিৰ তাৰিখ : নিফটিয়ে ১০ পইণ্টৰ সংখ্যাৰে যাত্ৰা আৰম্ভ কৰে আৰু সোমবাৰে ২০০০০ পইণ্টত উপনীত হৈছে । ১৯৯২ চনৰ ৯ মাৰ্চত নিফটিয়ে প্ৰথমবাৰৰ বাবে ১০০০-ৰ সীমা স্পৰ্শ কৰিছিল । ইয়াৰ পিছত ২ ডিচেম্বৰ, ২০০৪ তাৰিখে ২০০০-ৰ সীমাত উপনীত হয় । ব্যৱসায়ৰ যাত্ৰা চলি থাকে আৰু নিফটিয়ে ২০১৭ চনৰ ২৫ জুলাই তাৰিখে প্ৰথমবাৰৰ বাবে ১০০০০-ৰ সীমা অতিক্ৰম কৰে ।