১১ এপ্ৰিল সমগ্ৰ বিশ্বতে ‘বিশ্ব পাৰ্কিনছন দিৱস’ পালন কৰা হয় । পাৰ্কিনছন হৈছে মগজুৰ এক বিকাৰ আৰু বেছিভাগেই এই সমস্যা বৃদ্ধাৱস্থাত দেখা দিয়ে । আজিও জনসাধাৰণৰ মাজত এই ভয়াৱহ ৰোগৰ বিষয়ে সঠিক তথ্যৰ অভাৱ দেখা যায় । ‘পাৰ্কিনছন দিৱস’ত জনসাধাৰণৰ মাজত এই সমস্যা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী আৰু অভিযানৰ আয়োজন কৰা হয় । এইবাৰ ‘বিশ্ব পাৰ্কিনছন দিৱস’ ‘ #Take6forPD শীৰ্ষক বিষয়বস্তুৰ অধীনত পালন কৰা হৈছে ।
এই ৰোগত মগজুৰ নিৰ্দিষ্ট মগজুৰ কোষৰ ক্ষতিৰ বাবে গতিবিধি প্ৰভাৱিত হয় । লগতে হাত-ভৰি কঁপে । পেশীবোৰ কঠিন হৈ পৰে । শাৰীৰিক ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা হয় । এনে সমস্যাসমূহৰ বিকাশ হোৱাৰ বাবে ইয়াক প্ৰগ্ৰেছিভ নিউৰ’ডিজেনেৰেটিভ ডিছঅৰ্ডাৰ বুলিও কোৱা হয় । যদিও ইয়াৰ কোনো নিৰাময় নাই, কিন্তু কিছুমান বিশেষ ধৰণৰ খাদ্য সঠিকভাৱে খালে বা সেৱন কৰিলে পাৰ্কিনছন ৰোগৰ লক্ষণসমূহ সহজে পৰিচালনা কৰিব পাৰি ।
পাৰ্কিনছন ৰোগৰ লক্ষণসমূহ
Parkinson.orgত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি পাৰ্কিনছন ৰোগ (PD) হৈছে এক স্নায়ুৰ অৱক্ষয়ী বিকাৰ যিয়ে মূলতঃ মগজুৰ এটা নিৰ্দিষ্ট অংশৰ ড’পামিন উৎপাদনকাৰী (ড’পামিনাৰ্জিক) নিউৰনক প্ৰভাৱিত কৰে যাক ছাবষ্টেন্সিয়া নাইগ্ৰা বুলি কোৱা হয় । ইয়াৰ লক্ষণৰ কথা ক’বলৈ গ’লে সাধাৰণতে বহু বছৰৰ ভিতৰত ইয়াৰ লক্ষণসমূহ লাহে লাহে গঢ় লৈ উঠে । ৰোগবিধৰ বৈচিত্ৰ্যৰ বাবে লক্ষণসমূহৰ ৰূপ প্ৰায়ে ব্যক্তিভেদে বেলেগ বেলেগ হয় । পাৰ্কিনছন ৰোগৰ লক্ষণসমূহ তলত উল্লেখ কৰা ধৰণৰ-
জিৰণি লোৱাৰ সময়ত হাত-ভৰি কঁপি থকা
গতি লেহেমীয়া হোৱা বা ব্ৰেডকাইনেচিয়া
অংগ-প্ৰত্যংগত জঠৰতা
খোজ কঢ়াৰ সময়ত ভাৰসাম্যৰ সমস্যা