নিউজ ডেস্ক, 18 নবেম্বৰ : সোমবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে নিতীশ কুমাৰে ৷ মন্ত্ৰীসভাৰ শপতগ্ৰহণত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে এটা নামে, যেতিয়াই বিহাৰৰ উপ-মুখ্যমন্ত্ৰীৰ বাবে তেওঁৰ নামটো প্ৰক্ষেপ কৰা হয় ৷ এইগৰাকী নেত্ৰী হৈছে বেট্টিয়াহ সমষ্টিৰ বিজেপি বিধায়িকা ৰেণু দেৱী ৷ শপতগ্ৰহণৰ সময়ত দেৱীক প্ৰদান কৰা হয় তিনিটাকৈ বিভাগৰ দায়িত্ব ৷ বিহাৰৰ উপ-মুখ্যমন্ত্ৰীৰ লগতে, তেওঁক প্ৰদান কৰা হয় পঞ্চায়তী ৰাজ, পিছপৰা আৰু অতিকে পিছপৰা শ্ৰেণীৰ উন্নয়ন তথা উদ্যোগ বিভাগৰ দায়িত্ব ৷
ৰেণু দেৱী নিজেই এগৰাকী অতিকে পিছপৰা শ্ৰেণীৰ লোক হোৱাৰ লগতে তেওঁ প্ৰতিনিধিত্ব কৰা জনগোষ্ঠীটো হৈছে নুনিয়া ৷ নুনিয়া জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ৰেণু দেৱীৰ বাবে নিতীশ কুমাৰৰ জেডিইউ দলে অতিকে পিছপৰা শ্ৰেণীটোৰ অধিকাংশ ভোট লাভ কৰে ৷
এইগৰাকী ৰেণু দেৱীক বিহাৰৰ প্ৰথমগৰাকী উপ-মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ অৰ্পন কৰাৰ আঁৰত এনডিএৰ এক বিশেষ ৰাজনৈতিক উদ্দেশ্য নিহিত হৈ আছে ৷ দুটাকৈ দলৰ সহযোগত গঠন হোৱা বিহাৰৰ চৰকাৰে মহিলা সৱলীকৰণৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা গৈছে ৷ এই পৰিস্থিতিৰ মাজতে জনতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এনডিএ চৰকাৰে ৰেণু দেৱীক বিহাৰৰ প্ৰথমগৰাকী উপ-মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ অৰ্পন কৰে ৷
অৱশ্যে বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰে সদায়ে এক শক্তিশালী আইনৰ কথা কৈ আহিছে, যি আইনে বিহাৰত মহিলাৰ ওপৰত হোৱা ঘৰুৱা হিংসাৰ হাৰ হ্ৰাস কৰিবলৈ সক্ষম হৈছে ৷ একেসময়তে বিজেপিয়ে "বেটি বাচাও বেটি পাঢ়াও" আৰু তিনি তালাকৰ দৰে বিষয় উত্থাপন কৰিছে ৷
বিহাৰৰ নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে বিহাৰবাসীক উজ্জ্বলা আঁচনিৰ বিষয়ে নিজৰ ভাষণ প্ৰসংগত কৈছিল ৷ এই প্ৰসংগতে বিহাৰত প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰীক দায়িত্বভাৰ প্ৰদান কৰি কেন্দ্ৰই সমগ্ৰ দেশবাসীকে এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে ৷ বিজেপিৰ এই নীতি মহিলা সৱলীকৰণৰ লগতে পশ্চিমবংগত আহিবলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে অতিকে গুৰুত্বপূৰ্ণ হিচাপে পৰিলক্ষিত হৈছে ৷
ৰেণু দেৱী হৈছে বেট্টিয়াহ সমষ্টিৰ বিজেপি বিধায়ক, যিয়ে দূৰ্গাবাহিনীৰ সৈতে যুক্ত হৈ নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল ৷ স্নাতক সম্পূৰ্ণ কৰা ৰেণু দেৱীয়ে বিহাৰৰ অতিকে পিছপৰা নুনিয়া জনগোষ্ঠীৰ লোক হয় ৷ হিন্দী, ইংৰাজী, ভোজপুৰী আৰু বাংলা ভাষাত দখল থকা ৰেণু দেৱী বিজেপিৰ "বেটি বাচাও বেটি পাঢ়াও" অভিযানৰ এগৰাকী সক্ৰিয় সদস্যা ৷
- মহিলাৰ অধিকাৰৰ হকে যুঁজ দিয়া নেত্ৰী ৰেণু দেৱী
1959 চনৰ 1 নবেম্বৰত জন্মগ্ৰহণ কৰা ৰেণু দেৱীয়ে নিজৰ শিশুকালৰ পৰাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত হৈ পৰে ৷ 1981 চনত সমাজ সেৱাৰ সৈতে জড়িত হোৱা দেৱীয়ে চম্পাৰণ আৰু উত্তৰ বিহাৰৰ বিভিন্ন অঞ্চলত আত্মসহায়ক গোট খুলি মহিলাৰ অধিকাৰৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰে ৷ 1988 চনত বিজেপিয়ে দেৱীক দূৰ্গাবাহিনীৰ জিলা সমন্বয়ক নিযুক্ত কৰে ৷ 1989 চনত তেওঁক স্থানীয় বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী নিৰ্বাচিত হয় ৷
- ৰাম মন্দিৰ আন্দোলনত তেওঁৰ ভূমিকা
ৰাম মন্দিৰ আন্দোলনৰ সময়ত 500 গৰাকী মহিলাৰ সৈতে জেললৈ গৈছিল ৰেণু দেৱী ৷ 1990 চনত তেওঁক বিজেপি মহিলা মৰ্চাৰ টিৰহুট ডিভিজনৰ দায়িত্বভাৰ লাভ কৰে ৷ পৰৱৰ্তী সময়ত তেওঁ বিহাৰ ৰাজ্যিক মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকাৰ দায়িত্বভাৰ লাভ কৰে 1991 চনত ৷ 1992 চনত জম্মু-কাশ্মীৰ তিৰংগা যাত্ৰাতো অংশগ্ৰহণ কৰে দেৱীয়ে ৷ 1993 চনত বিজেপিয়ে তেওঁ বিহাৰ প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰীৰ পদত অধিষ্ঠিত হয় ৷ পৰৱৰ্তী সময়ত 1996 চনত তেওঁ ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ সভানেত্ৰী নিৰ্বাচিত হৈছিল ৷ 2014ত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল ৰেণু দেৱী ৷
- 1995ত প্ৰথমবাৰৰ বাবে বিধায়িকা নিৰ্বাচিত
ৰেণু দেৱীয়ে নৌতন বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ 1995 চনত প্ৰতিদ্বন্দিতা কৰিছিল আৰু বিপূলসংখ্যক ভোটত জয়লাভ কৰিছিল ৷ 2000 আৰু 2005ত তেওঁ বেট্টিয়াহ সমষ্টিৰ পৰা বিধায়িকা নিৰ্বাচিত হৈছে ৰেণু দেৱী ৷ 2007ত তেওঁ বিহাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ 2010ত পুনৰ জয়লাভ কৰিছিল যদিও 2015ত কংগ্ৰেছ প্ৰাৰ্থী মদন মোহন তিৱাৰীৰ হাতত পৰাজিত হৈছিল ৰেণু দেৱী ৷ চলিত বিধানসভা নিৰ্বাচনত তেওঁ মদন মোহন তিৱাৰীক পৰাজিত কৰি বেট্টিয়াহ সমষ্টিৰ পৰা পুনৰ বিধায়িকা নিৰ্বাচিত হয় ৷
উল্লেখ্য যে, বিহাৰৰ কেবিনেটৰ মুঠ 15 গৰাকী মন্ত্ৰীৰ ভিতৰত মাত্ৰ দুগৰাকী মহিলা মন্ত্ৰী আছে ৷ ইয়াৰ ভিতৰত প্ৰথমগৰাকী হৈছে ৰেণু দেৱী আৰু দ্বিতীয়গৰাকী হৈছে ছীলা কুমাৰী ৷ বিৰোধীয়ে যাতে মহিলাৰ প্ৰতিনিধিত্বক লৈ কোনো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে তাৰ বাবেই ৰেণু দেৱীক উপ-মুখ্যমন্ত্ৰীৰ দৰে দায়িত্ব প্ৰদান কৰি একপ্ৰকাৰে বিৰোধীৰ মুখ বন্ধ কৰি ৰাখিছে এনডিএ ৷
লগতে পঢ়ক :দেশৰ ভিতৰতে সৰ্বাধিক কিৱি উৎপাদনৰ দিশে অৰুণাচল