নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ :'অপাৰেচন লণ্ডন ব্ৰীজ' (Operation London Bridge) । উপৰিউক্ত বাক্যাংশটোৰ অৰ্থ কি ? ৰ'ব, আঁৰ কাপোৰ আঁতোৰাৱাৰ পূৰ্বে কিছু সময়ৰ বাবে অলপ চিন্তা কৰক । অৱশ্যে এয়া কোনো সেনাৰ অভিযান বুলি নাভাবিব । এয়া প্ৰকৃততে প্ৰয়াত ব্ৰিটিছ ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াৰ 'কোড' (code of funeral of Elizabeth II) ! এতিয়া প্ৰশ্নটো হ'ল, অন্ত্যেষ্টিক্ৰিয়াত আকৌ 'কোড' ?
প্ৰাপ্ত তথ্য মতে, কেৱল ৰাণী দ্বিতীয় এলিজাবেথেই নহয়, ব্ৰিটিছ ৰাজপৰিয়ালৰ সকলোৰে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে এনে এক গোপন 'কোড' আছে ! ৰাণী দ্বিতীয় এলিজাবেথ একেৰাহে ৭০ বছৰ ধৰি ব্ৰিটিছৰাজৰ সিংহাসনত বহি আছিল (Queen Elizabeth II sitting on throne 70 years) । আনহাতে, আমি সকলোৱে তেওঁৰ ঘোঁৰাচালনাৰ চখৰ কথা জানো । তেওঁ সৰুৰে পৰাই ঘোঁৰা চলাই ভাল পাইছিল ।
আনকি তেওঁৰ মৃত্যুৰ দুবছৰ পূৰ্বে, কোভিডৰ বাবে সমগ্ৰ বিশ্বত লকডাউনৰ সময়তো আমনিবোধ আঁতৰাবলৈ ঘোঁৰাত উঠিছিল । অৱশ্যে তেওঁ শাৰীৰিক ব্যায়াম পছন্দ নকৰিলেও ৰাণীয়ে তেওঁৰ মৰমৰ পোহনীয়া জন্তুৰ সৈতে খোজ কাঢ়িছিল । সেইটো তেওঁৰ প্ৰিয় 'টাইম পাছ'ৰ ভিতৰত এটা আছিল (Queen Elizabeth II died) ।
১৯২৬ চনত জন্মগ্ৰহণ কৰা এলিজাবেথ ১৯৫২ চনত ব্ৰিটেইনৰ ৰাণী হয় (Elizabeth became UK Queen in 1952) । 8 ছেপ্টেম্বৰ, 2022 তাৰিখ বৃহস্পতিবাৰে তেওঁৰ মৃত্যুলৈকে তেওঁ উক্ত আসনত অধিষ্ঠিত আছিল । ২০১২ চনৰ লণ্ডন অলিম্পিকৰ আৰম্ভণী অনুষ্ঠানত (2012 London Olympics) তেওঁৰ উৎসাহী উপস্থিতি এতিয়াও সকলো ক্ৰীড়াপ্ৰেমীৰ স্মৃতিত সতেজ হৈ আছে ।
ৰাণী দ্বিতীয় এলিজাবেথৰ আন এটা চখ আছিল বিভিন্ন ধৰণৰ হেণ্ডবেগৰ সংগ্ৰহ আৰু ব্যৱহাৰ । অৱশ্যে এই হেণ্ডবেগটোৰ সৈতে তেওঁৰ বহুতো সাংকেতিক বাৰ্তা জড়িত হৈ আছে ! যদি ৰাণীয়ে কোনো অনুষ্ঠানত তেওঁৰ হেণ্ডবেগটো টেবুলত ৰাখে, বুজা যায় যে তেওঁ তাত পাঁচ মিনিটতকৈ বেছি সময় নাথাকিব । যদি হেণ্ডবেগটো মজিয়াত ৰখা হয়, ইয়াৰ অৰ্থ হৈছে তেওঁ তেওঁৰ চৌপাশৰ কথোপকথন ভাল নাপায় ।
তেনে ক্ষেত্ৰত, কৰ্তব্যৰত চৰকাৰী বিষয়াসকলে তেওঁৰ প্ৰস্থানৰ ব্যৱস্থা সোনকালে কৰিবলগা হৈছিল । ৰাণীৰ আহাৰো তেওঁৰ দৰেই ৰঙীন আছিল । ৰাণী দ্বিতীয় এলিজাবেথে ডাৰ্ক চকলেট খাবলৈ ভাল পাইছিল । আনহাতে, গাখীৰ বা বগা চকলেট তেওঁৰ অপছন্দৰ তালিকাত আছিল । তেওঁ পুৱা 'আৰ্ল গ্ৰে টী' পান কৰিছিল । তাত কিন্তু চেনি বা গাখীৰ নাছিল ।