অসম

assam

ETV Bharat / bharat

Know about Brij Bhushan Sharan Singh : ব্ৰিজ ভূষণ শৰণ সিং আচলতে কোন ? - Brij Bhushan Sharan Singh joined SP

বিজেপি সাংসদ তথা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিং পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে (Brij Bhushan Sharan Singh in controversy)। এইবাৰ যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে । ইয়াৰ পূৰ্বেও বহুবাৰ বিতৰ্কত আছিল নেতাগৰাকী । কিন্তু এইগৰাকী নেতাৰ ৰাজনৈতিক আৰু ব্যক্তিগত কেৰিয়াৰৰ বিষয়ে আপুনি জানেনে ?

Wrestling
ব্ৰিজ ভূষণ শৰণ সিং

By

Published : Jan 22, 2023, 8:55 PM IST

নেশ্যনেল ডেস্ক,২২ জানুৱাৰী : ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ একাংশ মল্লযুঁজাৰুৰ (WFI controversy)। সভাপতিগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় মহিলা মল্লযুঁজাৰুসকলক যৌন নিৰ্যাতন আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে (Sexual harassment allegation against Brij Bhushan Sharan Singh)। ইয়াৰ পাছতে, বিষয়টো তদন্তৰ বাবে চৰকাৰে ৭ জনীয়া এটা দল গঠন কৰিছে ।

অস্ত্ৰ-শস্ত্ৰৰ প্ৰতি দুৰ্বলতা আছে ব্ৰিজ ভূষণ শৰণ সিঙৰ

সম্প্ৰতি ব্ৰিজ ভূষণ শৰণ সিং গোণ্ডা জিলাৰ কাইজাৰগঞ্জ লোকসভা সমষ্টিৰ বিজেপি সাংসদ । ইয়াৰ পূৰ্বেও বিতৰ্কত সোমাই পৰিছিল নেতাগৰাকী । ১৯৮৯ চনত ৰাজনীতিত প্ৰৱেশ কৰা ব্ৰিজ ভূষণ শৰণ সিং ৬ বাৰৰ সাংসদ (6 time MP Brij Bhushan Sharan Singh )। তেওঁৰ পত্নী কেতকী দেৱী সিঙো সাংসদ আৰু জিলা পঞ্চায়তৰ সভাপতি আছিল । সাংসদগৰাকীৰ পুত্ৰ প্ৰতীক ভূষণ সিং গোণ্ডাৰ সদৰ আসনৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে জয়ী হৈছিল ।

বিশাল সম্পত্তিৰ গৰাকী ব্ৰিজ ভূষণ শৰণ সিং

বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ অভিযুক্ত ব্ৰিজ ভূষণ

বিশাল সম্পত্তি আছে ব্ৰিজ ভূষণ শৰণ সিঙৰ (Property of Brij Bhushan Sharan Singh)। তেওঁৰ ৫৪ খন ব্যক্তিগত মহাবিদ্যালয় আৰু বিদ্যালয় আছে । তেওঁৰ নাৰ্চিং কলেজও আছে । এই প্ৰতিষ্ঠানবোৰৰ বেছিভাগৰে মেনেজাৰ আৰু পৰিচালক তেওঁ নিজে অথবা তেওঁৰ পৰিয়ালৰ আন সদস্য । হোটেল ব্যৱসায়ৰ সৈতেও জড়িত ব্ৰিজ ভূষণ । ব্ৰিজ ভূষণৰ গৃহ চহৰ গোণ্ডাত বহু স্থাৱৰ আৰু স্থাৱৰ সম্পত্তি আছে । তেওঁৰ এখন হেলিকপ্টাৰো আছে । তেওঁ বিলাসী বাহন ভাল পায় । তেওঁৰ কনভয়ত কোটি কোটি টকাৰ বহুতো বিলাসী বাহন আছে ।

অস্ত্ৰ-শস্ত্ৰৰ প্ৰতি দুৰ্বলতা আছে ব্ৰিজ ভূষণ শৰণ সিঙৰ

নিৰ্বাচনী শপতনামাত দিয়া বিৱৰণ অনুসৰি, তেওঁৰ ওচৰত এটা পিষ্টল, ৰাইফল আৰু ৰিপিটাৰ আছে (Brij Bhushan Sharan Singh loves weapons)। আনহাতে তেওঁৰ পত্নীৰ নামত এটা ৰাইফল আৰু ৰিপিটাৰও আছে । তেওঁ ২০১১ চনৰ পৰা একেৰাহে তিনিবাৰৰ বাবে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি হৈ আছে । ব্ৰিজ ভূষণ শৰণ সিঙৰ জন্ম ১৯৫৭ চনৰ ৮ জানুৱাৰীত উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাৰ বিশ্বহাৰপুৰত হৈছিল । তেওঁৰ পিতৃ চন্দ্ৰভান শৰণ সিং এগৰাকী কংগ্ৰেছী আছিল । ব্ৰিজ ভূষণ মহাবিদ্যালয়ৰ দিনৰ পৰাই ছাত্ৰ ৰাজনীতিত সক্ৰিয় হৈ আছিল ।

বাবৰি মছজিদ ধ্বংস গোচৰৰ অন্যতম অভিযুক্ত ব্ৰিজ ভূষণ শৰণ সিং

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিং

সত্তৰৰ দশকত, অযোধ্যাৰ এছ. সাকেত মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিল ব্ৰিজ ভূষণ । ব্ৰিজ ভূষণ শৰণ সিঙক বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ অভিযুক্তসকলৰ ৪০ জন নেতাৰ ভিতৰত অন্যতম আছিল (Babri Masjid demolition case)। তেওঁলোকৰ ভিতৰত আছিল এল কে আদৱানী, কল্যাণ সিং, মুৰলী মনোহৰ যোশী আদি । ইয়াৰ পাছত, বিশেষ চিবিআই আদালতে ২০২০ চনৰ ৩০ ছেপ্টেম্বৰত বাবৰি ধ্বংসৰ গোচৰৰ সকলো অভিযুক্তক নিৰ্দোষী ঘোষণা কৰে । ছাত্ৰ ৰাজনীতি আৰু জন্মভূমি আন্দোলনৰ বাবে ব্ৰিজ ভূষণ শৰণ সিং তেওঁৰ অঞ্চলত অতি জনপ্ৰিয় হৈ পৰিছিল ।

তিহাৰ কাৰাগাৰৰ কয়েদী আছিল ব্ৰিজ ভূষণ শৰণ সিং

বিজেপিয়ে ব্ৰিজ ভূষণ শৰণ সিঙক ১৯৯১ চনত লোকসভাৰ টিকট প্ৰদান কৰাৰ সময়ত তেওঁৰ বিৰুদ্ধে ৩৪ টা অপৰাধমূলক গোচৰ ৰুজু হৈ আছিল । কিন্তু তেওঁ বৃহৎ ব্যৱধানত নিৰ্বাচনত জয়ী হৈছিল । ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ অভিযোগ আছিল যে তেওঁ আণ্ডাৰৱৰ্ল্ড গেঙৰ সৈতে জড়িত আছিল (Brij Bhushan Sharan Singh underworld link)।

১৯৯৬ চনত, ব্ৰিজ ভূষণে এক গোচৰত তিহাৰ কাৰাগাৰত থাকিবলগীয়া হৈছিল । তেতিয়া তেওঁৰ পত্নী কেতকী সিঙে গোণ্ডা লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল আৰু কংগ্ৰেছৰ আনন্দ সিঙক ৮০,০০০ ভোটত পৰাজিত কৰিছিল । ইয়াৰ পাছত, চিবিআইয়ে ব্ৰিজ ভূষণ সিঙক সকলো অভিযোগৰ পৰা মুক্তি দিছিল ।

বিজেপি এৰি এছপিত যোগদান কৰিছিল

বিজেপিয়ে গোণ্ডাৰ পৰা ব্ৰিজ ভূষণৰ টিকট কাটি ঘনশ্যাম শুক্লাক প্ৰদান কৰিছিল (Brij Bhushan Sharan Singh joined SP)। কিন্তু ভোটদানৰ দিনা ঘনশ্যাম শুক্লাৰ এটা পথ দুৰ্ঘটনাত মৃত্যু হৈছিল । তাৰ পাছত ব্ৰিজ ভূষণ শৰণ সিঙে বিজেপি ত্যাগ কৰে আৰু এছপিত যোগদান কৰে । ২০০৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ কাইজাৰগঞ্জ আসনৰ পৰা এছপিৰ টিকটত প্ৰতিদ্বন্দিতা কৰে আৰু জয়ী হয় । পাছত তেওঁ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিলৈ পুনৰ উভতি যায় আৰু তেতিয়াৰে পৰা তেওঁ কাইজাৰগঞ্জৰ পৰা বিজেপিৰ সাংসদ হৈ আছে ।

ব্ৰিজ ভূষণ শৰণ সিঙৰ আছে কোটি টকাৰ ঋণ

২০১৯ চনৰ নিৰ্বাচনী শপতনামাত ব্ৰিজ ভূষণ শৰণ সিঙে কোৱা মতে তেওঁৰ ৯ কোটি ৮৯ লাখ ৫ হাজাৰ ৪০২ টকাৰ সম্পত্তি আছে । আনহাতে তেওঁৰ ৬ কোটিৰ অধিক টকাৰ ঋণ আছে । ব্ৰিজ ভূষণ সিঙৰ নিজৰ ৪ কোটি ১ লাখ ৮৫ হাজাৰ ৭৮৭ কোটি টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি আছে । আনহাতে তেওঁৰ পত্নীৰ নামত ৬ কোটি ৩৪ লাখ ৪৪ হাজাৰ ৫৪১ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি আছে ।

কিন্তু নিৰ্বাচনী শপতনামাত উল্লেখ কৰা মতে ব্ৰিজ ভূষণ শৰণ সিঙৰ নিজৰ নামত ১ কোটি ৫৭ লাখ ৯৬ হাজাৰ ৩১৭ টকাৰ স্থাৱৰ সম্পত্তি আছে, আনহাতে তেওঁৰ পত্নীৰ নামত ২ কোটি ৫৪ লাখ ৪৪ হাজাৰ ৫৪১ টকাৰ স্থাৱৰ সম্পত্তি আছে ।

লগতে পঢ়ক :Sports ministry suspends Vinod Tomar: ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সহকাৰী সম্পাদক বিনোদ টোমৰক নিলম্বন

ABOUT THE AUTHOR

...view details