অসম

assam

ETV Bharat / bharat

Cricket World Cup: বিশ্বকাপৰ ইতিহাসৰ শীৰ্ষ 5 জন বলাৰ; তালিকাত নাই এজনো ভাৰতীয় - বিশ্বকাপ

5 অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ’ব ক্ৰিকেটৰ মহাযুদ্ধ ৷ জানো আহক বিশ্বকাপ প্ৰতিযোগিতাৰ ইতিহাসৰ শীৰ্ষ ৫ গৰাকী বলাৰৰ বিষয়ে ৷

Know About The Top 5 Bowlers in ICC World Cup
ক্ৰিকেটৰ মহাযুদ্ধ

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 3:24 PM IST

স্পৰ্টছ ডেস্ক, 1 অক্টোবৰ: আই চি চি বিশ্বকাপ ২০২৩লৈ বাকী আছে মাত্ৰ চাৰিটা দিন ৷ ক্ৰিকেট জ্বৰত আক্ৰান্ত ভাৰতৰ লগতে সমগ্ৰ বিশ্ব ৷ 5 অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ’ব ক্ৰিকেটৰ মহাযুদ্ধ ৷ এই ক্ৰিকেট বিশ্বকাপলৈ অধীৰ উৎকণ্ঠাৰে বাট চাইছে ক্ৰিকেট অনুৰাগীয়ে ৷ এইবাৰ ভাৰতত আয়োজন কৰা হৈছে বিশ্বকাপ ক্ৰিকেট ২০২৩ ৷

5 অক্টোবৰত বিশ্বকাপৰ প্ৰথমখন খেলত গুজৰাটৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত মুখামুখি হ’ব ইংলেণ্ড-নিউজিলেণ্ড ৷ আনহাতে 14 অক্টোবৰত নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত মুখামুখি হ’ব চিৰ প্ৰতিদ্বন্দী ভাৰত-পাকিস্তান ৷

ক্ৰিকেটত বেটছমেন আৰু বলাৰৰ মাজত সদায় কঠোৰ প্ৰতিযোগিতা চলি থাকে ৷ আনকি কেতিয়াবা ক্ৰিকেট খেলপথাৰত বেটছমেন আৰু বলাৰৰ মাজত কাজিয়াও পৰিলক্ষিত হয় ৷ আজি আমি আপোনালোকক ক'ম ক্ৰিকেটৰ মহাকুম্ভ, বিশ্বকাপ প্ৰতিযোগিতাৰ ইতিহাসৰ শীৰ্ষ ৫ গৰাকী বলাৰৰ বিষয়ে ৷

বিশ্বকাপ ক্ৰিকেট ইতিহাসৰ শীৰ্ষ 5 জন বলাৰ-

1. গ্লেন মেকগ্ৰাথ

বিশ্বকাপৰ ইতিহাসৰ শীৰ্ষ ৫ জন বলাৰৰ তালিকাৰ প্ৰথম নাম অষ্ট্ৰেলিয়াৰ কিংবদন্তী দ্ৰুত বলাৰ গ্লেন মেকগ্ৰাথ ৷ মেকগ্ৰাথে 1996 আৰু 2007 চনৰ ভিতৰত 39 খন বিশ্বকাপ মেচ খেলিছে, য’ত তেওঁ এতিয়ালৈকে বিশ্বকাপত 71 টা উইকেট দখল কৰিছে ৷ মেকগ্ৰাথে 3.96 ৰ ইক’নমিত 325.5 অভাৰত 1292 ৰাণ খৰছ কৰিছে ৷ লগতে আছে 42 টা মেইডেন অভাৰ ৷ মেকগ্ৰাথে বিশ্বকাপত দুবাৰকৈ ৫ টা উইকেট দখল কৰিছে। মেকগ্ৰাথৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ১৫ ৰাণত ৭ টা উইকেট ৷

2. মুথিয়া মুৰলীধৰণ

শ্ৰীলংকাৰ অভিজ্ঞ স্পিনাৰ মুথিয়া মুৰলীধৰণ বিশ্বকাপৰ শীৰ্ষ ৫ জন বলাৰৰ তালিকাত দ্বিতীয় স্থানত আছে ৷ মুৰলীধৰণে বিশ্বকাপত 40 খন মেচ খেলিছে, য'ত তেওঁ 39 খন মেচত বল কৰাৰ সুযোগ পাইছে ৷ মুৰলীধৰণে ৩.৮৮ ইক’নমিত ৩৪৩.৩ অভাৰত ১৩৩৫ ৰাণ খৰছ কৰিছে ৷ য'ত তেওঁ ৬৮ টা উইকেট লাভ কৰিছে ৷ মুৰলীধৰণে বিশ্বকাপৰ খেলসমূহত ১৫ টা মেইডেন অভাৰ কৰিছে। বিশ্বকাপত ১৯ ৰাণত তেওঁৰ ৪ টা উইকেট সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৷

3. লাচিথ মালিংগা

শ্ৰীলংকাৰ দ্ৰুতবেগী বলাৰ লাচিথ মালিংগাই ২০০৭ চনৰ পৰা ২০১৯ চনলৈ ২৯ খন বিশ্বকাপ খেলত অংশগ্ৰহণ কৰিছে, য'ত তেওঁ মাত্ৰ ২৮ খন মেচত বল কৰাৰ সুযোগ পাইছে ৷ লাচিথ মালিংগাই বিশ্বকাপত ৫৬ টা উইকেট দখল কৰিছে ৷ মালিংগাই ৫.৫১ ৰ ইক’নমিত ২৩২.২ অভাৰত ১২৮১ ৰাণ খৰছ কৰিছে ৷ য'ত তেওঁ ১১ টা মেইডেন অভাৰ কৰিছে ৷ লাচিথ মালিংগাই এবাৰ ৫ টা উইকেট দখল কৰিছে ৷ ৩৮ ৰাণত ৬ টা উইকেট তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৷

4. ৱাছিম আক্ৰাম

পাকিস্তানৰ দ্ৰুতবেগী বলাৰ ৱাছিম আক্ৰাম বিশ্বকাপৰ ইতিহাসৰ শীৰ্ষ ৫ জন বলাৰৰ ভিতৰত চতুৰ্থ স্থানত আছে ৷ তেওঁ ১৯৮৭ চনৰ পৰা ২০০৩ চনলৈ বিশ্বকাপ ক্ৰিকেট খেলত অংশগ্ৰহণ কৰিছিল ৷ এই সময়ছোৱাত তেওঁ 38 খন মেচত খেলিছিল, য'ত তেওঁ 36 খন মেচত বল কৰাৰ সুযোগ পাইছিল ৷ আক্ৰামে ৪.০৪ ৰ ইক’নমিত ৩২৪.৩ অভাৰত ১৩১১ ৰাণত ৫৫ টা উইকেট দখল কৰিছে ৷ ৱাছিম আক্ৰামেও বিশ্বকাপত এবাৰ ৫ টা উইকেট দখল কৰিছে ৷ বিশ্বকাপত ৱাছিম আক্ৰামৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ২৮ ৰাণত ৫ উইকেট ৷

5. মিচেল ষ্টাৰ্ক

অষ্ট্ৰেলিয়াৰ দ্ৰুতবেগী বলাৰ মিচেল ষ্টাৰ্ক বিশ্বকাপৰ ইতিহাসৰ শীৰ্ষ ৫ জন বলাৰৰ ভিতৰত পাঁচ নম্বৰত আছে ৷ মিচেল ষ্টাৰ্কে এতিয়ালৈকে ২০১৫ আৰু ২০১৯ ত দুখন বিশ্বকাপত অংশগ্ৰহণ কৰিছে আৰু তেওঁ বিশ্বকাপ ২০২৩ত অষ্ট্ৰেলিয়ান দলৰ অংশ ৷ মিচেল ষ্টাৰ্কে ১৮ খন খেলত ৪৯ টা উইকেট দখল কৰিছে ৷

তেওঁ ৪.৬৪ ৰ ইক’নমিত ১৫৬.১ অভাৰত ৭২৬ ৰাণ খৰছ কৰিছে । য'ত মেইডেন অভাৰ অন্তৰ্ভুক্ত আছে ৷ মিচেল ষ্টাৰ্কে ৩ বাৰ ৫ টা উইকেট দখল কৰিছে ৷ ২৮ ৰাণত ৬ টা উইকেট তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৷ মিচেল ষ্টাৰ্ক 2023 চনৰ বিশ্বকাপৰ অংশ, সেয়েহে ষ্টাৰ্কে শীৰ্ষ 5 জন বলাৰৰ তালিকাত তিনি নম্বৰত অহাৰো সম্ভাৱনা আছে ৷

লগতে পঢ়ক :Indian Cricketer Jadeja : জাদেজাৰ বিষয়ে কি ক'লে তেওঁৰ শৈশৱৰ প্ৰশিক্ষকে ?

ABOUT THE AUTHOR

...view details