অসম

assam

By

Published : Aug 31, 2021, 4:37 PM IST

Updated : Aug 31, 2021, 5:10 PM IST

ETV Bharat / bharat

জনা-নজনা : ৰেল লাইন নিৰ্মাণত ব্যৰ্থ হোৱা ব্ৰিটিছক সহায় কৰা হিমাচলৰ ফকীৰজন

প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষ ঐতিহ্যৰে ভৰপূৰ ৷ ভাৰতৰ ঐতিহ্য আৰু ইয়াৰ লোকৰ কাৰিকৰী দক্ষতাই সদায়ে বিশ্ববাসীক আকৰ্ষিত কৰি আহিছে ৷ যাৰবাবে প্ৰাক ঐতিহাসিক যুগৰে পৰা ভাৰতবৰ্ষত উপনিবেশ স্থাপনৰ বাবে বিভিন্ন দেশে আক্ৰমণ কৰি আহিছে ৷

know-about-a-great-unknown-railway-engineer-baba-bhalku
জনা-নজনা : ৰেল লাইন নিৰ্মাণত ব্যৰ্থ হোৱা ব্ৰিটিছক সহায় কৰা হিমাচলৰ ফকিৰ

নিউজ ডেস্ক, 31 আগষ্ট : এক ঐতিহ্যৰে ভৰপূৰ স্থান হৈছে কালকা-চিমলা ৰেল পথ ৷ কালকা-চিমলা ৰেল পথৰ ইতিহাস যথেষ্ট আকৰ্ষণীয়ও । সৰ্পিল পাহাৰৰ মাজৰ পৰা ৰেলযোগে চিমলা পোৱাটো সহজ নাছিল । কাৰণ এই ৰেলপথ নিৰ্মাণৰ সময়ত দায়িত্বত থকা ব্ৰিটিছ অভিযন্তা বাৰোগে চোলানৰ ওচৰৰ সুৰংগৰ দুই মূৰ সংযোগ কৰাত ব্যৰ্থ হয় ৷

জনা-নজনা

সৰ্পিল পাহাৰৰ মাজেৰে যোৱা পৰা ৰেলপথটোৰে চিমলা পোৱাটো সহজ নাছিল । অতি দুৰ্গম হোৱাৰ বাবে অভিযন্ত্ৰাজনে চোলানৰ ওচৰৰ সুৰংগৰ মাজেৰে ৰেলপথ বনাওতে দুটা মূৰ বিচাৰি পোৱাত ব্যৰ্থ হয় ৷ যাৰবাবে ৰেলপথৰ কাম বন্ধ কৰিবলগীয়া হয় ৷

ইয়াৰ পাছতেই সুৰংগটোৰ নিৰ্মাণৰ দায়িত্ব মস্তমৌলা বাবা ভালকুক অৰ্পণ কৰা হয় ৷ আনহাতে সুৰংগৰ পথ নিৰ্মাণ কৰিব নোৱাৰাৰ বাবে অভিযন্তাজনৰ ওপৰত ক্ষুদ্ধ হৈ পৰে ব্ৰিটিছ চৰকাৰ ৷ ব্ৰিটিছ চৰকাৰে অভিযন্তাসকলৰ ওপৰত ১ টকাৰ জৰিমনা আৰোপ কৰে । বিফলতা আৰু অপমানিত অনুভৱ কৰাৰ পিছত বাৰোকে আত্মহত্যা কৰে ।

সুৰংগটোৰ নিৰ্মাণৰ কাম তেতিয়া মস্তমৌলা বাবা ভালকুক অৰ্পণ কৰা হৈছিল । আশ্চৰ্যজনকভাৱে, বাবা ভালকুৱে লাঠিৰে সেই ঠাইখন চিহ্নিত কৰিবলৈ পৰ্বত আৰু শিলবোৰ তললৈ খুন্দা মাৰিছিল আৰু ব্ৰিটিছ কৰ্তৃপক্ষই তেওঁক অনুসৰণ কৰিছিল ।

গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বাবা ভালকুৰ অনুমান ১০০ শতাংশ শুদ্ধ আছিল । বাবা ভালকুৱে সুৰংগটোৰ দুয়োটা মূৰ বিচাৰি পাইছিল । এনেদৰে ৩৩ নম্বৰৰ সুৰংগটো সম্পূৰ্ণ হৈছিল । একে সময়তে, ৰেলৱেৰ ইতিহাসত বাবা ভালকুৰ নাম অমৰ হৈ পৰে ।

চিমলা গেজেটত লিপিবদ্ধ কৰা হৈছে যে বাবা ভালকুক ব্ৰিটিছ শাসনৰ দ্বাৰা পাগুৰি আৰু পদকৰে সন্মানিত কৰা হৈছিল । চোলান জিলাৰ বিখ্যাত পৰ্যটনস্থলীটো চয়ালৰ ওচৰৰ ঝাজা গাঁৱৰ বাসিন্দা আছিল । তেওঁৰ বিষয়ে বহুতো কাহিনী প্ৰচলিত হৈ আছে ।

বাবা ভালকুক ঐশ্বৰিক দৃষ্টিশক্তিথকা ফকীৰ বুলি গণ্য কৰা হৈছিল । তেওঁৰ দীঘল আৰু জঁট লাগি থকা দাড়ি আছিল বুলি কোৱা হয় । বাবা ভালকুৰ মৃত্যুৰ বিষয়ে কাৰো ওচৰত কোনো তথ্য নাই । সেই ঠাইৰ বৃদ্ধ লোকসকলে কয় যে, বাবা তেওঁৰ শেষ মুহূৰ্তত বৃন্দাবনলৈ গৈছিল আৰু তাৰ পিছত বাবা ভালকুৰ কোনো সন্ধান পোৱা নাছিল । অৱশ্যে সুৰংগটো পিছত কৰ্ণেল বাৰোগৰ নামেৰে নামাকৰণ কৰা হৈছিল ।

লগতে পঢ়ক :জনা-নজনা : বিমানৰ বাহিৰত সঁচাকৈ ওলমি যাব পাৰি নে ?

Last Updated : Aug 31, 2021, 5:10 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details