এনে নহয় যে সন্তানক ডাঙৰ-দীঘল কৰা সকলো পিতৃ-মাতৃয়েই নিখুঁত । ল’ৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাৰ সময়ত জীৱনৰ কিতাপখনৰ পৰাও প্ৰত্যেকগৰাকী পিতৃ-মাতৃয়েই দৈনিক এক নতুন শিক্ষা লাভ কৰে(Things you should never say to kids) । এনে পৰিস্থিতিত সন্তানৰ বাবে সদায় হিত চিন্তা কৰা পিতৃ-মাতৃৰ পৰাও ডাঙৰ-দীঘল কৰাৰ সময়ত বহু ভুল হোৱাটো অনিবাৰ্য ।
ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে নিজৰ সন্তানক ভাল নাপায় বা তেওঁলোকৰ বিষয়ে ভালকৈ নাভাবে । এনে পৰিস্থিতিত অলপ বুজাবুজি আৰু সাৱধানতা অৱলম্বন কৰিলে পিতৃ-মাতৃয়ে কিছু ভুলৰ পৰা হাত সাৰিব পাৰে । আহক জানো সেইসমূহ কথা যিসমূহ অজানিতেও কোনো পিতৃ-মাতৃয়ে নিজৰ সন্তানক কোৱাটো উচিত নহয়(5 things which you should never say to your kids) ৷
শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে সঠিক লালন-পালন অতি গুৰুত্বপূৰ্ণ । সঠিক লালন-পালন মানে কেৱল খাদ্য আৰু ভাল কাপোৰ-কানিয়েই নহয়, সেইসমূহৰ সৈতে জড়িত আছে পিতৃ-মাতৃ ব্যৱহাৰ আৰু আচৰণো । বহু সময়ত অভিভাৱকে খং উঠিলে অজানিতে সন্তানৰ সৈতে ভুলতে কিছুমান কথা কয় কিন্তু ইয়াৰ নেতিবাচক প্ৰভাৱ তেওঁলোকৰ মগজুত পৰিবলৈ আৰম্ভ কৰে । যাৰ বাবে শিশুটি ভয়াতুৰ বা খঙাল হ'ব পাৰে(Parenting tips) । এনে কিছুমান ভুলৰ বিষয়ে জানো আহক-
- সন্তানক গালি পৰাৰ পৰিৱৰ্তে ভালদৰে বুজাওক
যদি আপোনাৰ সন্তানে নিজৰ শ্ৰেণীত ভাল নম্বৰ লাভ কৰিব নোৱাৰে, তেন্তে ইয়াৰ আঁৰৰ কাৰণটো বুজিবলৈ চেষ্টা কৰক আৰু তেওঁক গালি শপনি দিয়া আৰম্ভ নকৰিব । এনে কৰিলে আপোনাৰ সন্তানৰ আত্মবিশ্বাস কমি যাব আৰু তেওঁৰ মনত ভয়ৰ সৃষ্টি হ’ব । আপোনাৰ সন্তানক ভাল কামত সহায় কৰিবলৈ নিজাববীয়াকৈ কঠোৰ পৰিশ্ৰম কৰক । তেওঁৰ অভাৱবোৰ দূৰ কৰিবলৈ চেষ্টা কৰক । এনে কৰিলে আপোনাৰ সন্তানৰ আত্মবিশ্বাস বাঢ়িব ।
- পিতৃৰ ভাবুকি নিদিব