অসম

assam

ETV Bharat / bharat

Chhattisgarh MLA attack: ছত্তীশগড়ৰ কংগ্ৰেছ বিধায়িকাক ছুৰীকাঘাত; বিজেপিয়ে তুলিলে সুৰক্ষাৰ প্ৰশ্ন

ছত্তীশগড় শাসকীয় দলৰ বিধায়িকা চান্নি চান্দু চাহুক আক্ৰমণ । এক অনুষ্ঠানৰ সময়ত মঞ্চত থকাৰ সময়তে সুৰাপায়ী লোক এজনে তেওঁক আক্ৰমণ কৰে । আক্ৰমণকাৰী লোকজনক আটক ।

Chhattisgarh MLA attack
ছুৰীকাঘাতত আহত ছত্তীশগড়ৰ কংগ্ৰেছ বিধায়িকা

By

Published : Aug 21, 2023, 2:12 PM IST

নেশ্যনেল ডেস্ক,২১ আগষ্ট :চলিত বছৰৰে শেষৰ ফালে দেশৰ ৪ খন ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । তাৰ ভিতৰত ছত্তীশগড় অন্যতম । ছত্তীশগড়ত নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰা হোৱা নাই যদিও প্ৰতিটো দলে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে । কিন্তু ইয়াৰ মাজতে ৰাজ্যখনত ভয়ংকৰ ঘটনা । এগৰাকী কংগ্ৰেছ বিধায়িকাক আক্ৰমণ । সুৰাপায়ীৰ ছুৰীকাঘাতত আহত বিধায়িকাগৰাকী ।

আৰক্ষীয়ে জনোৱা মতে, ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাত সুৰাপায়ী অৱস্থাত এজন লোকে বিধায়িকাগৰাকীক ছুৰীৰে আক্ৰমণ কৰে । আক্ৰমণৰ ফলত কংগ্ৰেছ বিধায়িকা চান্নি চান্দু চাহু আঘাতপ্ৰাপ্ত হয় । আক্ৰমণকাৰীজনক খিলেশ্বৰ বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে লোকজনক আটক কৰিছে বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জনোৱা মতে জিলাখনৰ খুজ্জী বিধানসভা সমষ্টিৰ বিধায়িকা চাহুৱে দেওবাৰে এখন ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল । সেই সময়তে সন্ধিয়া ডংগাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত জোধাৰা গাঁৱত এই ঘটনাটো সংঘটিত হয় ।

প্ৰাথমিক তথ্য অনুসৰি, বিধায়িকা চাহু মঞ্চত থকা সময়তে এজন সুৰাপায়ী ব্যক্তিয়ে তেওঁক ছুৰীৰে আক্ৰমণ কৰে । কংগ্ৰেছ বিধায়িকা চাহুৱে হাতত কিছু আঘাত পাইছে বুলি জানিব পৰা গৈছে । তেওঁক লগে লগে কমিউনিটি হেল্থ চেণ্টাৰ চুৰিয়ালৈ স্থানান্তৰ কৰা হয় য'ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় । আৰক্ষী অভিযুক্তজনক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে ।

ইফালে ঘটনাটোৰ পাছতে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ছত্তীশগড়ত বিৰোধী ভাৰতীয় জনতা পাৰ্টীয়েও ঘটনাটোক গৰিহণা দিছে আৰু অভিযোগ কৰিছে যে ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি হৈছে । বিজেপিয়ে প্ৰশ্ন কৰে যে যেতিয়া শাসকীয় দল কংগ্ৰেছৰ বিধায়কে সুৰক্ষিত নহয়, সাধাৰণ লোক কেনেদৰে সুৰক্ষিত হ'ব ? যি সময়ত ছত্তীশগড়ত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী ৰণনীতি আৰম্ভ কৰিছে তেনে সময়তে ৰাজ্যখনত সংঘটিত এই ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । বিজেপিয়ে অভিযোগ কৰি কয় যে এক বিবৃতিত কয় যে এয়া ভূপেশ বাঘেল চৰকাৰৰ বিফলতা ।

লগতে পঢ়ক :Loksabha 2024: ক্ষমতা হাতলৈ অহাৰ পিছতহে বিৰোধী মিত্ৰজোঁটে ঘোষণা কৰিব প্ৰধানমন্ত্ৰী প্ৰাৰ্থী

ABOUT THE AUTHOR

...view details