অসম

assam

By

Published : Dec 25, 2020, 2:19 PM IST

ETV Bharat / bharat

নতুন কৃষি আইন বাতিল কৰিলে পূৰ্বতকৈও তীব্ৰ প্ৰতিবাদ সাব্যস্তৰ হুংকাৰ কৃষক সেনাৰ

বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ ১৫ খন জিলাৰ কৃষক সেনাৰ প্ৰতিনিধিয়ে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰক সাক্ষাৎ । কোনো পৰিস্থিতিতে ইয়াক বাতিল নকৰিবলৈ অনুৰোধ । বাঘপটৰ সাংসদ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সত্যপাল সিং, কৃষক সজদুৰ সংঘৰ সভাপতি চৌধুৰী প্ৰকাশ তোমৰ, উপ সভাপতি ঠাকুৰ ৰাজেন্দ্ৰ সিং, সাধাৰণ সম্পাদক বাবুৰাম ৰাম ত্যাগী, কৃষক সেনাৰ ৰাষ্ট্ৰীয় আহ্বায়ক গৌৰীশংকৰ সিঙৰ উপস্থিতিত এই বৈঠক ।

কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰক সাক্ষাৎ কৃষক সেনাৰ
কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰক সাক্ষাৎ কৃষক সেনাৰ

নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ: তিনিওখন নতুন কৃষি আইন বাতিল নকৰিবলৈ আহ্বান কৃষক সেনাৰ । লগতে এই আইনখন যদি প্ৰত্যাহাৰ নকৰে তেন্তে পূৰ্বতকৈও অধিক তীব্ৰতৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে কৃষক সেনাই । বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ ১৫ খন জিলাৰ কৃষক সেনাৰ প্ৰতিনিধিয়ে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰক সাক্ষাৎ কৰি তিনি কৃষি আইনক সমৰ্থন জনাই কোনো পৰিস্থিতিতে ইয়াক বাতিল নকৰিবলৈ অনুৰোধ জনায় ।

কৃষক আৰু তোমৰৰে হোৱা বৈঠকত বিৰোধী দলক কটাক্ষ কৰি তোমৰে কয় যে দীৰ্ঘ সময়লৈ শাসনৰ বাঘজৰীত থাকিও কৃষকৰ কল্যাণৰ বাবে একো নকৰিলে কিন্তু আজি কৃষকৰ বাবে আন্দোলন কৰিবলৈ ৰাজপথত ওলাই আহিছে ।

এই বৈঠকত বাঘপটৰ সাংসদ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সত্যপাল সিং, কৃষক সজদুৰ সংঘৰ সভাপতি চৌধুৰী প্ৰকাশ তোমৰ, উপ সভাপতি ঠাকুৰ ৰাজেন্দ্ৰ সিং, সাধাৰণ সম্পাদক বাবুৰাম ৰাম ত্যাগী, কৃষক সেনাৰ ৰাষ্ট্ৰীয় আহ্বায়ক গৌৰীশংকৰ সিঙৰ লগতে আন কেবাজনো নেতা উপস্থিত থাকে ।

উল্লেখ কৰিবলগীয়া যে কেন্দ্ৰ চৰকাৰে তিনিখনকৈ কৃষি আইন বলৱৎ কৰাৰ পিছৰে পৰাই দেশৰ কৃষকসকলে মোডী চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আৰু সেই আইনৰ বাতিলৰ দাবীত পঞ্জাৱ, হাৰিয়ানাৰ পৰা হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে আন্দোলনত কঁপাইছে ৰাজধানী দিল্লী । ২৬ নৱেম্বৰৰ পৰা দিল্লী চলো কাৰ্যসূচী লৈ অহা এইসকল কৃষকক বাধা দিবলৈ হাৰিয়ানা আৰু দিল্লী সীমান্তত আৰক্ষী প্ৰশাসনে প্ৰৱল চেষ্টা চলাইছিল যদিও সক্ষম নহ'ল । ইফালে এই আইনক সমৰ্থন জনোৱা একাংশ কৃষক সংগঠনে কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰৰে মিলিত হৈ প্ৰতিদিনে ইখনৰ পাচত সিখন বৈঠক অনুষ্ঠিত কৰি আহিছে ।

লগতে পঢ়ক: কৃষকলৈ কেন্দ্ৰৰ ১৮ হাজাৰ কোটিৰ পুঁজি মুকলি

ABOUT THE AUTHOR

...view details