নিউজ ডেস্ক, ১৯ মে' : শুকুৰবাৰে ভূবিজ্ঞান মন্ত্ৰী হিচাপে নিজৰ দায়িত্ব গ্ৰহণ কৰে কিৰেণ ৰিজিজুৱে (Earth Sciences Minister Kiren Rijiju take charge) । দায়িত্ব গ্ৰহণ কৰি তেওঁ কয় যে বৰ্তমান সময়ত এইটো এটা অতি আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ মন্ত্ৰালয় । ভূবিজ্ঞান মন্ত্ৰালয়ত কাম কৰাৰ যথেষ্ট সুযোগ আছে (Ministry of Earth Sciences) । সৰুৰে পৰা এইটো তেওঁৰ আগ্ৰহৰ ক্ষেত্ৰ বুলি উল্লেখ কৰি ৰিৰিজুৱে এই দায়িত্ব প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃতজ্ঞতা জনায় । আনহাতে, প্ৰধানমন্ত্ৰীয়ে তেওঁক বিভিন্ন বিভাগ তথা মন্ত্ৰালয়ত কাম কৰাৰ অভিজ্ঞতা প্ৰদান কৰি আহিছে বুলিও উল্লেখ কৰে (Kiren Rijiju thanked PM Narendra Modi) ।
উল্লেখ্য যে, বৃহস্পতিবাৰে এক আশ্চৰ্যচকিত সিদ্ধান্তত অৰুণাচলৰ সাংসদগৰাকীক কেন্দ্ৰীয় আইন মন্ত্ৰালয়ৰ দায়িত্বৰ পৰা আঁতৰ কৰা হয় (Kiren Rijiju removed as law minister) । কেন্দ্ৰীয় আইন মন্ত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ এদিন পিছত কিৰেণ ৰিজিজুৱে কয় যে এই পদক্ষেপ হৈছে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী, শাস্তি নহয় ।
অৱশ্যে উচ্চতম ন্যায়ালয়ৰ সৈতে তেওঁৰ শেহতীয়া বিবাদ সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰি তেওঁ কয় যে আজি ৰাজনীতিৰ দিন নহয় । আনহাতে, নতুন মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণৰ পিছত ৰিজিজুৱে কয় যে এই পৰিৱৰ্তন কোনো শাস্তি নহয়, এইটো হৈছে চৰকাৰৰ পৰিকল্পনা । এয়া প্ৰধানমন্ত্ৰী মোডীৰ দৃষ্টিভংগী । উল্লেখ্য, ৰিজিজুৱে ৰবি শংকৰ প্ৰসাদৰ স্থলাভিষিক্ত হৈ আইন মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল । তেওঁ 2021 চনৰ 7 জুলাইত আইন মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ।