নেশ্যনেল ডেস্ক,29 জুলাই: ৰুটি ভাগ-বতৰা কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই প্ৰাণ হেৰুৱাবলগীয়া হ'ল মধ্য প্ৰদেশৰ এগৰাকী ব্যক্তিয়ে (Killing rickshaw puller for not sharing chapatti)৷ মুন্না নামৰ মৃত ব্যক্তিজনে জীৱিকাৰ খাতিৰত মধ্য প্ৰদেশৰ পৰা আহি দিল্লীত ৰিক্সা চলাই কোনোমতে পেট প্ৰৱৰ্তাই আছিল ৷
এই ঘটনাক লৈ ভাৰতীয় দণ্ডবিধিৰ ৩০২ (হত্যা)(IPC Section 302) ধাৰাৰ অধীনত কেৰ’লবাগ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰি আৰম্ভ কৰিছে তদন্ত । ২০০ জন শ্ৰমিক আৰু ভ্ৰমণকাৰীৰ স্কেনিং সম্পন্ন কৰাৰ পিছত এই হত্যাকাণ্ডৰ ঘটনাটোৰ সৈতে ফিৰোজ খান (২৬) নামৰ এজন ব্যক্তি জড়িত থকা বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে ৷ পৰৱৰ্তী সময়ত এখন পাৰ্কত শুই থকা অৱস্থাত আৰক্ষীয়ে ফিৰোজক গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে অভিযুক্তগৰাকীয়ে আৰক্ষীৰ আগত নিজৰ অপৰাধ স্বীকাৰ কৰে ৷ হত্যাকাণ্ডটোত ব্যৱহৃত চুৰিখনো ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে ৷