নেশ্যনেল ডেস্ক, ১৫ অক্টোবৰ :দিল্লীৰ সীমান্ত অঞ্চলত কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ অব্যাহত আছে । প্ৰতিবাদ চলি থকাৰ মাজতে সিংঘু-কুণ্ডলী সীমান্তত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে । নিৰ্মমভাৱে হত্যা কৰি এজন যুৱকৰ মৃতদেহ আৰক্ষীৰ বেৰিকেডৰ ওপৰত থৈ গ'ল হত্যাকাৰীয়ে । প্ৰায় ৩৫ বছৰীয়া যুৱকজনৰ এখন হাত কাটি পেলাইছে হত্যাকাৰীয়ে ।
সিংঘু সীমান্তত আন্দোলনকাৰীসকলৰ মূল মঞ্চৰ ওচৰতে পুৱা লোকজনৰ মৃতদেহ উদ্ধাৰ হয় । মৃতদেহটোত তীক্ষ্ণ অস্ত্ৰৰ আঘাত স্পষ্ট । সম্প্ৰতি এই ঘটনাক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত । পুৱাৰে পৰা প্ৰতিবাদকাৰীসকলে অঞ্চলটোত ভিৰ কৰি আছে ।