ইণ্টাৰনেশ্যনেল ডেস্ক, 6 অক্টোবৰ: বহিঃৰাষ্ট্ৰত কিমান সুৰক্ষিত ভাৰতীয় ? প্ৰায়েই আমি বহিঃৰাষ্ট্ৰত বহু ভাৰতীয় লোক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰৰ সন্মুখীন হোৱাৰ কথা শুনি আহিছো ৷ এতিয়া এয়াই যেন পুনৰবাৰ প্ৰমাণিত হ’ল (California Sikh family kidnap case)৷ কেলিফৰ্ণিয়াত এখন বাগিচাৰ সমীপত অপহৃত হোৱা এটা শিখ পৰিয়ালৰ মৃতদেহ উদ্ধাৰ হৈছে (California sikh family died)৷
ঘটনাৰ বিৱৰণী অনুসৰি, চলিত সপ্তাহৰ আৰম্ভনিতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত এটি শিখ পৰিয়ালক অপহৰণ কৰা হৈছিল (Sikh family members murder California)৷ ইয়াৰ পিছতে ৩৬ বছৰীয়া জছদীপ সিং, ২৭ বছৰীয়া জছলীন কৌৰ, আঠ মাহৰ সন্তান আৰোহী ধেৰী আৰু খুৰাক ৩৯ বছৰীয়া অমনদীপ সিঙৰ মৃতদেহ বুধবাৰে সন্ধিয়া ইণ্ডিয়ানা ৰোড এণ্ড হাচিনচন ৰোডৰ সমীপৰ এখন বাগিচাত উদ্ধাৰ কৰা হৈছিল (Kidnapped Sikh family murdered in California)৷ মৃতদেহকেইটা বাগানৰ কৰ্মীয়ে প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক অৱগত কৰে ৷