চিটাৰা ডেস্ক,৫ মে':চলমান খানৰ 'দাবাং-৩' ত খলনায়কৰ চৰিত্ৰত অভিনয় কৰা দাক্ষিণাত্যৰ তাৰকা কিচ্চা সুদীপে আন এক নতুন হিন্দী ছবিত ভুমুকি মাৰিবলৈ সাজু হৈছে । অভিনেতাগৰাকীক প্ৰভাস আৰু ছৈইফ আলী খান অভিনীত 'আদিপুৰুষ'ত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিবলৈ যোগাযোগ কৰা হৈছে বুলি জানিব পৰা গৈছে ।
বলীউডৰ অভিনেতা-অভিনেত্ৰী কৃতি সেনন, ছৈইফ আলী খান আৰু ছানী সিঙক 'আদিপুৰুষ' ছবিখনত তেলেগু তাৰকা প্ৰভাসৰ সৈতে দেখা যাব । কানাড়া চুপাৰষ্টাৰ কিচ্চা সুদীপৰ যোগদানেৰে ছবিখনত তাৰকাৰ তালিকা আৰু দীঘল হ'ব । যদিহে সূত্ৰবোৰক বিশ্বাস কৰা হয় তেনেহ'লে 'আদিপুৰুষ'ৰ নিৰ্মাতাই সুদীপত ছবিখনত ৰাৱণৰ ভাতৃ বিভীষণৰ চৰিত্ৰ দিয়াৰ বাবে সাজু হৈছে ।