অসম

assam

ETV Bharat / bharat

Kichidi Express : খিচিৰিয়ে ভাগ্য সলনি কৰিলে আভা সিংহলৰ - Kichidi Express owner success story

হায়দৰাবাদ আৰু মুম্বাইত অতি জনপ্ৰিয় খিচিৰি এক্সপ্ৰেছৰ আঁৰৰ মহিলাগৰাকী হৈছে আভা সিংহল । খিচিৰি ব্যৱসায়ে কেনেদৰে তেওঁৰ জীৱনত পৰিৱৰ্তন আনিলে ? আপোনাৰ বাবে সাধাৰণ ব্যঞ্জন খিচিৰিৰ এতিয়া ২০ তকৈও অধিক প্ৰকাৰ বিক্ৰী কৰে আভাৰ প্ৰতিষ্ঠানে ।

Kichidi Express
খিচিৰিয়ে ভাগ্য সলনি কৰিলে আভা সিংহলৰ

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 1:18 PM IST

আভা সিংহল

নেশ্যনেল ডেস্ক,২০ অক্টোবৰ :খিচিৰি আপোনাৰ বাবে কি ? কোনোৱে ক'ব ই এবিধ উৎকৃষ্ট আৰু সোৱাদযুক্ত ব্যঞ্জন, কোনোৱে ক'ব ই স্বাস্থ্যৰ বাবে উপকাৰী খাদ্য আৰু আন কোনোৱে ক'ব ই অন্যতম শিশুৰ আহাৰ । কিন্তু আভা সিংহলৰ বাবে খিচিৰি সফলতাৰ জখলা বা সফলতাৰ পৰিচয় । আমি তৃপ্তিৰে খোৱা খিচিৰিয়ে এতিয়া তেওঁক পুঁজিপতি কৰি তুলিছে । খিচিৰিৰ জৰিয়তে বহু মিলিয়ন ডলাৰৰ ব্যৱসায় কৰিছে আভাই । কিন্তু কেনেকৈ..?

আচলতে আভা সিংহল মুম্বাইৰ বাসিন্দা । তেওঁৰ ১২ বছৰ বয়সতে পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছিল । যাৰ বাবে শৈশৱৰ সময়ছোৱা আভাই হোষ্টেল আৰু বৰ্ডিং স্কুলতে কটাইছিল । বিত্তীয় সমস্যাৰ মাজেৰে আভাই কঠোৰ অধ্যয়ন কৰিছিল আৰু বৃত্তিও লাভ কৰিছিল ।

আভাই জনোৱা মতে তেওঁ যেতিয়া লণ্ডনত পঢ়ি আছিল অন্যান্য ব্যয়ৰ বাবে তেওঁ আংশিক সময়ৰ কাম বা পাৰ্ট টাইম কাম কৰিব লগা হৈছিল । খৰচ কমাবলৈ তেওঁ ৰান্ধিবলৈ আৰম্ভ কৰিলে । অতি সোনকালে হোৱা আৰু তৃপ্তিদায়ক তেওঁৰ পচন্দৰ ব্যঞ্জন আছিল খিচিৰি । যিয়ে তেওঁক ঘৰৰ কথাও মনত পেলাই দিছিল । কিন্তু তেওঁ প্ৰতিদিনে একেটা বস্তু খাব নোৱাৰিছিল সেয়ে তেওঁ ৰন্ধা ব্যঞ্জনবোৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰিছিল । তেনেদৰেই তেওঁ বহুতো ব্যঞ্জন ৰান্ধিবলৈ শিকিছিল ।

ইফালে এমবিএ ডিগ্ৰী লাভ কৰাৰ পাছত আভাক পৰিয়ালৰ লোকে বিয়া পাতিবলৈ জোৰ দিছিল । কিন্তু বিয়া পাতিবলৈ আভা সন্মত হোৱা নাছিল আৰু কেৰিয়াৰ কেনেদৰে সলনি কৰিব লাগে সেই বিষয়ে চিন্তা কৰিবলৈ ধৰিলে । কিন্তু পৰিয়ালৰ লোকে বিয়াৰ বাবে জোৰ দিয়াত আভাই কাপোৰ আৰু হাতত মাত্ৰ ৫ হাজাৰ টকা লৈ ঘৰৰ পৰা ওলাই গ'ল । পাছত এগৰাকী বন্ধুৰ সৈতে তেওঁ এটা কোঠা ভাড়ালৈ লয় আৰু চাকৰিৰ বাবে চেষ্টা চলায় ।

আভাই কেইদিনমানৰ ভিতৰতে এটা মাৰ্কেটিং চাকৰি পাইছিল । প্ৰস্তাৱ পত্ৰখন চোৱাৰ পাছত তেওঁ ভাবে যে ঘৰ ভাড়া দিয়াটো কোনো সমস্যা নহ'ব । তেনে সময়তে তেওঁ এগৰাকী বিজ্ঞাপন পৰিচালকক লগ পাইছিল । তেওঁ মডেলিঙৰ সৈতে পৰিচিত নহয় । কিন্তু তেওঁ ভাবিছিল যে এবাৰ চেষ্টা কৰি চাব পাৰে । কিন্তু আচৰিত কথাটো হ'ল যে মডেলিং কৰাৰ পাছত এদিনৰ কামৰ বাবে ৪০ হাজাৰ পাইছিল । যিটো তেওঁৰ দৰমহাতকৈ দুগুণ আছিল । আন এটা চাকৰিৰ পাছত দৌৰাতকৈ আভাই মডেলিং অব্যাহত ৰাখিলে । তেওঁ কেডবেৰী আৰু চেমচাঙৰ দৰে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ বাবে কাম কৰিছে ।

উপাৰ্জনৰ লগতে বহু স্বীকৃতিও লাভ কৰিছে । আনকি পাছত ভাল পোৱা ব্যক্তিজনৰ সৈতে তেওঁৰ বিয়াও হয় । ইমানৰ পাছতো তেওঁ নিজে কিবা এটা কৰাৰ আকাংক্ষা মনত থাকি গ'ল । এদিন দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত আভাৰ স্বামীয়ে ক'লে যে আভাই বনোৱা ৰেচিপিৰ কোনো তুলনা নাই । সেই কথাষাৰে আভাক ব্যৱসায় কৰিবলৈ উৎসাহিত কৰিছিল । অকলে থকা সময়ত খিচিৰি বনোৱাৰ কথাও তেওঁ মনত পেলালে আৰু বহু গৱেষণাৰ অন্তত খিচিৰিক লৈ এক ব্যৱসায় কৰাৰ মন মেলিলে । ২০১৯ চনত হায়দৰাবাদত ৩ লাখ টকাৰে তেওঁ 'খিচিৰ এক্সপ্ৰেছ' আৰম্ভ কৰে ।

তেওঁৰ আন এগৰাকী সহযোগীৰ সৈতে আৰম্ভ কৰা এই ব্যৱসায়ে ৪ বছৰতে প্ৰায় ৫০ কোটি টকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হয় । মুম্বাইৰ তুলনাত হায়দৰাবাদৰ ভাড়া কম । আনহাতে ৰোগীৰ লগতে নিয়মীয়া খাদ্য প্ৰেমীয়েও খিচিৰি ভাল পায় । প্ৰথমে, চিকিৎসালয় আৰু ৰুগীয়া লোকসকলৰ পৰা অৰ্ডাৰ আহিছিল । অৱশ্যে পাছত এই খিচিৰিয়ে বহু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় । পাছত উপাৰ্জন বৃদ্ধি হোৱাৰ লগে লগে আভাই আন এটা শাখাও আৰম্ভ কৰে । হায়দৰাবাদ আৰু মুম্বাইত এতিয়া তেওঁৰ খিচিৰি এক্সপ্ৰেছৰ মুঠ ৮ টা শাখা আছে ।

অনাগত দিনত সমগ্ৰ দেশতে তেওঁৰ ব্যৱসায় সম্প্ৰসাৰিত হ'বলৈ গৈ আছে । লক্ষণীয়ভাৱে তেওঁ ২০ প্ৰকাৰতকৈও অধিক খিচিৰি যোগান ধৰে আৰু বিদেশতো এই খিচিৰিয়ে চাহিদা লাভ কৰিছে ।

লগতে পঢ়ক :World Osteoporosis Day 2023: আজি বিশ্ব অষ্টিঅ’পৰ’ছিছ দিৱস; এই ৰোগৰ বিষয়ে বিতংভাৱে জানো আহক

ABOUT THE AUTHOR

...view details