অসম

assam

ETV Bharat / bharat

৪০ বছৰ পুৰণি এক ঘটনাৰ স্মৃতিত পশ্চিমবংগত পালন কৰা হ'ব খেলা হবে দিৱস - ৪০ বছৰ পুৰণি এক ঘটনাৰ স্মৃতিত পশ্চিমবংগত পালন কৰা হ'ব খেলা হবে দিৱস

১৬ আগষ্টত পশ্চিমবংগত 'খেলা হবে দিৱস' উদযাপন কৰা হ'ব । প্ৰায় ৪০ বছৰ পূৰ্বে কলকাতাত এখন খেলৰ সময়ত নিহত হোৱা ফুটবল প্ৰেমীসকলৰ স্মৃতিত ৰাজ্য চৰকাৰে এই দিৱস পালন কৰিব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।

Khela Hobe Divas
৪০ বছৰ পুৰণি এক ঘটনাৰ স্মৃতিত পশ্চিমবংগত পালন কৰা হ'ব খেলা হবে দিৱস

By

Published : Jul 23, 2021, 1:04 PM IST

নেশ্যনেল ডেস্ক, ২৩ জুলাই :পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পৰা 'খেলা হবে'(Khela hobe) কথাষাৰে যথেষ্ট পৰিমাণে প্ৰচলিত হ'বলৈ আৰম্ভ কৰিছে । নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে(Mamata Banerjee) কোৱা এই কথাষাৰে ইমানে জনপ্ৰিয়তা লাভ কৰিলে যে বহুতে কৈছে নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ বিশাল জয়ৰ অন্যতম কাৰণ আছিল এই খেলা হবে বাক্যশাৰী । আনকি নিৰ্বাচনৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যখনত খেলা হবে দিৱস পালন কৰা হ'ব বুলিও ঘোষণা কৰিছিল । কিন্তু এই দিৱসৰ উদ্দেশ্য সন্দৰ্ভত বিভিন্ন মহলত প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই দিৱসৰ মহান উদ্দেশ্যৰ কথা স্পষ্ট কৰে ।

১৬ আগষ্টত ৰাজ্যখনত 'খেলা হবে দিৱস' উদযাপন কৰা হ'ব । প্ৰায় ৪০ বছৰ পূৰ্বে কলকাতাত এখন খেলৰ সময়ত নিহত হোৱা ফুটবল প্ৰেমীসকলৰ স্মৃতিত ৰাজ্য চৰকাৰে এই দিৱস পালন কৰিব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । ১৯৮০ চনৰ ১৬ আগষ্টত ইডেন গাৰ্ডেনত ইষ্ট বেংগল আৰু মোহন বাগান ক্লাবৰ মাজত কলিকতা ফুটবল লীগৰ এখন খেলৰ সময়ত হোৱা সংঘৰ্ষত ১৬ গৰাকী দৰ্শক নিহত হৈছিল । সেয়ে স্বাধীনতা দিৱসৰ পিছৰ দিনটোত পশ্চিমবংগ চৰকাৰে সেইসকল ক্ৰীড়াপ্ৰেমীৰ স্মৃতিত খেলা হবে দিৱস পালন কৰিব বুলি উল্লেখ কৰে ।

আনকি চৰকাৰৰ এই পদক্ষেপক সমালোচনা কৰা সকলকো উভতি ধৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । সেই দিনটোৰ গুৰুত্ব বিকৃত কৰা সকলে ক্ৰীড়া আৰু খেলুৱৈৰ মূল্য বুজি নাপায় বুলিও তেওঁ অভিযোগ উত্থাপন কৰে । ইফালে বছৰৰ আৰম্ভণিতে অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত টিএমচিৰ ''খেলা হবে'' শ্ল'গান যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল । মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত উল্লেখ কৰিছিল যে স্বাধীনতাৰ মনোভাৱ বজাই ৰাখিবলৈ, স্বাধীনতাক ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ, ৰাজ্যজুৰি খেলা হবে দিৱস পালন কৰা হ'ব য'ত ৰাজ্যৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগে এক লাখ ফুটবল বিতৰণ কৰিব ।

বৃহস্পতিবাৰে কেইবাটাও আঁচনিৰ বিষয়েও ঘোষণা কৰে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে । বেনাৰ্জীয়ে ঘোষণা কৰা মতে ব্যক্তিগত বা চৰকাৰী কাৰ্যালয়ত নিযুক্তি নোপোৱা পৰিয়ালৰ মহিলা মুৰব্বীসকলক আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে 'লক্ষ্মীৰ ভাণ্ডাৰ' আঁচনি ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব । এই কাৰ্যসূচীৰ অধীনত, ৰাজ্য চৰকাৰে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ'বিচি পৰিয়ালৰ মহিলা মুৰব্বীসকলক প্ৰতি মাহে ১,০০০ টকা আৰু সাধাৰণ শ্ৰেণীৰ লোকসকলক প্ৰতি মাহে ৫০০ টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

তেওঁ অবৈধ খননৰ বিপদ নিয়ন্ত্ৰণ কৰিবলৈ বালি খনন নীতিও ঘোষণা কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা মতে কেন্দ্ৰীভূত ব্যৱস্থাৰ অধীনত মুখ্য সচিব আৰু বিত্ত সচিবে বিষয়টোৰ ওপৰত নজৰ ৰাখিব আৰু স্থানীয় সম্পদ লুণ্ঠন কৰিবলৈ অনুমতি নিদিওঁ বুলিও তেওঁ স্পষ্ট কৰি দিয়ে । লগতে বদলি হ'ব বিচৰা বিদ্যালয়ৰ শিক্ষকসকলক সহায় কৰিবলৈ এটা পৰ্টেলো মুকলি কৰে মুখ্যমন্ত্ৰীয়ে । আনহাতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে "লক্ষ্মীৰ ভাণ্ডাৰ"কে ধৰি বিভিন্ন সমাজ কল্যাণমূলক আঁচনি লাভ কৰাত লোকসকলক সহায় কৰিবলৈ আগষ্টত পুনৰ 'দুয়াৰে সৰকাৰ'(Duare Sarkar) নামৰ এক শিবিৰ অনুষ্ঠিত হ'ব ৰাজ্যত ।

লগতে পঢ়ক:জে পি নাড্ডাৰে বিহাৰ বিজেপিৰ সাংসদৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details