নেশ্যনেল ডেস্ক, ৩১ জুলাই :মণিপুৰৰ বিষয়ক লৈ সংসদৰ বৰ্ষাকালীন অধিৱেশনত অচলাৱস্থা চলি আছে । ইয়াৰ মাজতে বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত কংগ্ৰেছে আগন্তুক নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে । জানিব পৰা মতে শীঘ্ৰে মল্লিকাৰ্জুন খাৰ্গেয়ে দক্ষিণৰ ৫ খন ৰাজ্যত ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিব ।
দলীয় সূত্ৰৰ মতে, খাৰ্গেয়ে ১ আগষ্টত কেৰালা, ২ আগষ্টত কৰ্ণাটক আৰু ৩ আগষ্টত তামিলনাডুত এআইচিচি আৰু প্ৰদেশ কংগ্ৰেছৰ নেতাসকলৰ সৈতে নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিব । পাছত তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ নেতাসকলকো আমন্ত্ৰণ জনোৱা হ'ব পাৰে ।
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে দলটোক প্ৰস্তুত কৰিবলৈ খাৰ্গেয়ে সংশ্লিষ্ট প্ৰদেশ কংগ্ৰেছ তথা ৰাজ্যিক নেতাসকলৰ সৈতে ইতিমধ্যে আলোচনা আৰম্ভ কৰিছে । শেহতীয়াকৈ কৰ্ণাটকত বিজয় সাব্যস্ত কৰাৰ পাছত দক্ষিণ ভাৰতৰ ওপৰত কংগ্ৰেছে অধিক গুৰুত্ব আৰোপ কৰিছে । যাৰ ফলত সমগ্ৰ অঞ্চলটো একপ্ৰকাৰ বিজেপিমুক্ত হৈ পৰিছে । কৰ্ণাটক নিৰ্বাচনৰ ঠিক পাছতে খাৰ্গেয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱ কুমাৰক উপ মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰি ২০২৪ চনত ৰাজ্যখনত যাতে সংসদীয় আসনৰ সংখ্যাই অভিলেখ সৃষ্টি কৰিব পাৰে তাক নিশ্চিত কৰাৰো দায়িত্ব দিছিল ।
কৰ্ণাটকৰ লোকসভাত মুঠ আসনৰ সংখ্যা ২৮ খন । তাৰ ভিতৰত, বিজেপিয়ে ৰাজ্যখনত ২৫ খন আসন লাভ কৰিছিল, আনহাতে কংগ্ৰেছ, জেডি-এছ আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ আসন আছিল । অৱশ্যে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছে দাবী কৰা মতে এইবাৰ দলটোৱে ২৮ খন আসনতে জয়ী হোৱাৰ বাবে চেষ্টা চলাব ।