নেশ্যনেল ডেস্ক, ১২ জুন : দেওবাৰে বাহাদুগড়ত আয়োজন কৰা হয় এখন জনতাৰ সভা তথা জনতাৰ সংসদ ৷ হাৰিয়ানাৰ বাহাদুগড়ত খাপৰ প্ৰতিনিধিয়ে আয়োজন কৰা এই জনতাৰ সংসদৰ মূল বিষয়বস্তু মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ ৷ মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই এই জনতাৰ সংসদে ১৪ জুন তাৰিখে হাৰিয়ানা বন্ধ ঘোষণা কৰে (Haryana bandh on 14th june) ।
১৪ জুন তাৰিখে হাৰিয়ানা বন্ধৰ দিনা স্থল পথ আৰু ৰে’ল পথ সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিব । ইয়াৰ উপৰিও উক্ত দিনা গাখীৰ আৰু শাক-পাচলিৰ যোগানো বন্ধ কৰা হ’ব । আনহাতে, ১৮ জুনত ভাৰত বন্ধৰ খাপৰ সদস্যসকলে সকলো সংগঠনৰ সমৰ্থন সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে (Khap mahapanchayat in bahadurgarh) ।
ইয়াৰ উপৰিও জনতা সংসাদে ২৫ দফীয়া দাবী সম্বলীত ২১ জনীয়া এখন সমিতি গঠন কৰে । ভূমি অধিগ্ৰহণ, এম এছ পি, ঋণ ৰেহাই, এছ ৱাই এল, মল্লযুঁজাৰুৰ দাবী আৰু সমলিংগ বিবাহ নিষেধাজ্ঞাকে ধৰি ২৫ টা প্ৰস্তাৱ জনতা সংসাদত গৃহীত কৰা হয় । এই জনতা সংসদ দলাল খাপৰ মুৰব্বী ভূপ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত কৰা হৈছিল । জনতা সংসদত উপস্থিত থাকে দিল্লী, ৰাজস্থান আৰু হাৰিয়ানা খাপৰ প্ৰতিনিধিসকল (Wrestlers protest latest news)।
লগতে পঢ়ক :Wrestler Vinesh Phogat Allegation Government; চৰকাৰে ব্ৰীজ ভূষণ সিঙক সুৰক্ষা দিবলৈ চেষ্টা চলাইছে : বিনেশ ফ’গাট
উল্লেখ্য যে, মল্লযুঁজাৰুসকলে ১৫ জুনলৈকে চৰকাৰক সময়সীমা নিৰ্ধাৰণ কৰি দিছে । মল্লযুঁজাৰুসকলৰ মতে, ব্ৰীজ ভূষণ শৰণ সিঙক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব লাগে । ১৫ জুনলৈকে যদি চৰকাৰে কোনোধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে মল্লযুঁজাৰুসকলে পুনৰ দিল্লীত আন্দোলন আৰম্ভ কৰিব । আনহাতে, ব্ৰীজ ভূষণৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা নাবালিকা মল্লযুঁজাৰুগৰাকীয়ে তেওঁৰ বক্তব্য সলনি কৰিছে ৷ নাবালিকা মল্লযুঁজাৰুগৰাকীয়ে কেৱল বৈষম্যৰ অভিযোগৰ কথাহে উল্লেখ কৰিছে ।
নাবালকজনৰ বক্তব্য সন্দৰ্ভত মল্লযুঁজাৰু বজৰং পুনিয়াই কৈছে যে নাবালিকা মল্লযুঁজাৰুজনে নিজেই নিজৰ বক্তব্য সলনি কৰা নাই ৷ তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছে । ইফালে মল্লযুঁজাৰু সাক্ষী মালিকে কয় যে এই বিষয়টো সমাধান নোহোৱালৈকে আমি কোনো খেল খেলিব নোৱাৰো ।
সাক্ষীয়ে কয়, ‘‘আমাৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছে । আমাৰ মনোবল ভাঙিবলৈ চেষ্টা কৰা হৈছে । এই হেঁচাতে নাবালিকগৰাকীয়েও বক্তব্য সলনি কৰিছে’’ ।
লগতে পঢ়ক :Wrestler protest : ব্ৰীজ ভূষণে মুকলিকৈ ঘূৰি ফুৰিছে, অত্যধিক চাপত আছে নাবালিকাৰ পিতৃ: বজৰং পুনিয়া