নেশ্যনেল ডেস্ক, 27 নৱেম্বৰ: ‘‘গছ থাকিলেহে মানুহ থাকিব’’ এই কথাষাৰ আমি সকলোৱে জানো ৷ কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল যে, এই কথাষাৰ আমি বাৰু কিমান গুৰুত্ব সহকাৰে লওঁ ? কাৰণ মানুহ থাকিবৰ কাৰণে গছ নথকা কৰাটো মানুহৰ অভ্যাসত পৰিণত হৈছে ৷ উন্নয়নৰ নামত হাবি-বন কাটি, ঠাই মুকলি কৰি, ৰাস্তা-ঘাট বনোৱা হৈছে ৷ কিন্তু বসতি যিমানেই বাঢ়ি গৈ আছে, দিনক দিনে হাবি-বন সিমানেই কমি গৈ আছে ৷ গছ থাকিলেহে মানুহ থাকিব বোলা কথাষাৰ ভাবিবলৈ যেন পাহৰিয়েই গৈছে একাংশই ৷
কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি পৰিস্ফুট হৈছে মধ্য প্ৰদেশৰ খাণ্ডৱা চহৰত ৷ যি সময়ত উন্নয়ণৰ নামত গছ কাটি তহিলং কৰা হৈছে, সেই সময়ত মধ্য প্ৰদেশত দেখা পোৱা গ’ল ইয়াৰ সম্পূৰ্ণ এক বিপৰীত ছবি ৷ গছ কটাৰ পৰিৱৰ্তে গছ কেনেকৈ সংৰক্ষণ কৰিব পাৰি তাৰেই যেন এক উদাহৰণ দাঙি ধৰিলে সমাজসেৱক ৰিতেশ গোৱেলে ৷ প্ৰকৃতিপ্ৰেমী ৰিতেশ গোৱেলে এটা বা দুটা নহয় ১৫ জোপা গছ কটাৰ পৰা ৰক্ষা কৰিছে ৷ কিন্তু কেনেকৈ ৰক্ষা কৰিব পাৰিছে সেই কথা জানিলে আচৰিত হ’ব আপুনিও ৷
এতিয়া আহিছো মূল কথালৈ, খাণ্ডৱা চহৰৰ মাজমজিয়াস্থিত ১৫জোপা গছ কাটিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ এই কথা জানিব পাৰিছিল প্ৰকৃতিপ্ৰেমী ৰিতেশ গোৱেলাই ৷ তাৰ পিছতেই গছকেইজোপা কেনেকৈ বচাব তাৰ প্ৰয়াসত লাগি গৈছিল প্ৰকৃতি প্ৰেমীগৰাকীয়ে ৷ অৱশেষত গছ কটাৰ পৰিৱৰ্তে ১৫ জোপাকৈ গছ স্থানান্তৰ কৰাৰ সিদ্ধান্ত ল’লে ৰিতেশ গোৱেলাই (Khandwa save tree initiative) ৷ গছকেইজোপা স্থানান্তৰিত কৰি পুনৰ সজীৱ কৰি তোলাৰ অদ্ভুত প্ৰয়াস কৰিলে প্ৰকৃতি প্ৰেমীগৰাকীয়ে ৷ প্ৰথম অৱস্থাত ৭৫ বছৰীয়া এজোপা আঁহত গছ পুনৰুজ্জীৱনৰ বাবে ১৭ কিলোমিটাৰ দূৰৰ কলনীলৈ স্থানান্তৰ কৰা হৈছিল (75 years old peepal tree shifted to another place) ৷