নেশ্যনেল ডেস্ক, 16 জানুৱাৰী :সমাগত গণতন্ত্ৰ দিৱস ৷ কিন্তু গণতন্ত্ৰ দিৱসৰ দিনা দেশৰ ৰাজধানী দিল্লীত কূটাঘাট সংঘটিত কৰা হ’ব বুলি ভাবুকি দিছে নিষিদ্ধ ঘোষিত সংগঠন শিখফছ ফৰ জাষ্টিছ চমুকৈ এছ এফ জেৰ প্ৰতিষ্ঠাপক গুৰপতৱন্ত সিং পান্নুনে ৷ গণৰাজ্য দিৱসৰ পূৰ্বে সামাজিক মাধ্যমৰ জৰিয়তে এই ভাবুকি প্ৰদান কৰিছে পান্নুনে ৷
তেওঁ ভিডিঅ’ত কয় যে, খলিস্তানী সন্ত্ৰাসবাদী হৰদ্বীপ সিং নিজ্জাৰৰ হত্যাৰ প্ৰতিশোধ লোৱা হ’ব । উল্লেখ্য যে, 2023 চনৰ ছেপ্টেম্বৰত হৰদ্বীপ সিং নিজ্জাৰক দুৰ্বৃত্তই হত্যা কৰিছিল ৷ তাৰ পাচতে ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক বিবাদ আৰম্ভ হৈছিল ৷ ইয়াৰ পাচতে বহু লোকে কানাডা ত্যাগ কৰিছিল ৷ কিন্তু 2023 চনৰ নৱেম্বৰত পান্নুনে শিখসকলক 19 নৱেম্বৰৰ পিছত এয়াৰ ইণ্ডিয়াৰ বিমানত উৰা মাৰিবলৈ নিদিয়াৰ কথা কৈছিল ৷ তেওঁলোকৰ জীৱন বিপদৰ সন্মুখীন হ'ব পাৰে ।
ইফালে 2019ৰ 10 জুলাই ভাৰত চৰকাৰে শিখফ ছ'চিয়েচন ফৰ জাষ্টিচক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল । আনহাতে, ভাৰতৰ বিৰুদ্ধে এনে ধৰণৰ ভাবুকি এয়াই প্ৰথম নহয়, পূৰ্বেও এনেধৰণৰ ভাবুকি দিছিল পান্নুনে ৷ 2023 বৰ্ষৰ 13 ডিচেম্বৰত সংসদ আক্ৰমণ কৰাৰ ভাবুকি দিছিল ।