নেশ্যনেল ডেস্ক, 23 এপ্ৰিল : অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণখালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙৰ ৷ 18 মাৰ্চৰ পৰা পলাতক অৱস্থাত থকা খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙে পঞ্জাৱৰ মোগা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, খালিস্তানী বিচ্ছিন্নতাবাদী নেতা সিঙৰ লগতে সিঙৰ সংগঠন ‘ৱাৰিছ পঞ্জাৱ দে’ৰ সদস্যসকলৰ বিৰুদ্ধে বিগত 18 মাৰ্চৰ পৰাই আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান (Khalistani separatist Amritpal Singh surrenders) ৷ 34 দিন ধৰি পলাতক অৱস্থাত আছিল অমৃতপাল সিং ৷
খালিস্তানী বিচ্ছিন্নতাবাদী নেতা সিঙে আত্মসমৰ্পণ কৰাৰ পিচতে সিঙক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হ’ব বুলি পঞ্জাৱ আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, অমৃতপাল সিঙৰ আত্মগোপন কৰি থকা সময়চোৱাত কেইবাজনো খালিস্তানপন্থী নেতাক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হৈছে ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে খালিস্তানপন্থী নেতাকেইজনক (khalistani supporter in Dibrugarh central jail) ।
উল্লেখ কৰা প্ৰয়োজন যে, আৰক্ষীয়ে অমৃতপাল সিঙৰ বিচাৰ-খোচাৰ অব্যাহত ৰখাৰ সময়ত অমৃতপাল সিঙৰ সহযোগী তথা খালিস্তানৰ বহু সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে । কিছুদিন পূৰ্বে অমৃতপাল সিঙৰ পত্নী কিৰণদীপ কৌৰকো অমৃতসৰ বিমানবন্দৰৰ পৰা পঞ্জাৱ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পিচতে শীঘ্ৰে খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব বুলি আৰক্ষী নিশ্চিত হৈছিল (Amritpal wife detained)।