ইণ্টাৰনেশ্যনেল ডেস্ক,৪ জুলাই :যোৱা ৪ মাহত দুবাৰকৈ ছান ফ্ৰান্সিস্কোৰ ভাৰতীয় কনচুলেটত আক্ৰমণ খালিস্তান সমৰ্থকৰ । এইবাৰ ছান ফ্ৰান্সিস্কোৰ ভাৰতীয় কনচুলেটত অগ্নিসংযোগ কৰিলে খালিস্তান পন্থী প্ৰতিবাদকাৰীয়ে । যোৱা ২ জুলাইত টুইটাৰত শ্বেয়াৰ হোৱা এটা ভিডিঅ'ত এই ঘটনা পোহৰলৈ আহিছে ।
ভিডিঅ'টোৰ কেপচনত লিখা আছে হিংসাই হিংসাৰ জন্ম দিয়ে । আনহাতে কানাডাস্থিত খালিস্তান টাইগাৰ ফ'ৰ্চৰ (কেটিএফ) মুৰব্বী হৰদীপ সিং নিজ্জাৰৰ মৃত্যু সম্পৰ্কীয় বাতৰিৰ প্ৰৱন্ধও ভিডিঅ'টোত দেখুওৱা হৈছে ।
উল্লেখ্য যে ভাৰতৰ মোষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীসকলৰ মাজৰ এজন আছিল নিজ্জাৰ । তেওঁৰ মূৰত ১০ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হৈছিল । যোৱা মাহত কানাডাৰ এটা গুৰুদ্বাৰাৰ বাহিৰত চলা গুলীচালনাত মৃত্যু হয় নিজ্জাৰৰ । খালিস্তানী নেতাগৰাকীৰ মৃত্যুৰ পাচতে পুনৰ এবাৰ খালিস্তান সমৰ্থকৰ প্ৰতিবাদ আৰম্ভ হৈছে । তাৰ অংশস্বৰূপে সমৰ্থকে ছান ফ্ৰান্সিস্কোত ভাৰতীয় কনচুলেটত অগ্নিসংযোগ কৰে ।
ইফালে এই ঘটনাত তীব্ৰ গৰিহণা দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই । ভাৰতীয় কনচুলেট ধ্বংস আৰু অগ্নিসংযোগৰ চেষ্টাক তীব্ৰ গৰিহণা দি আমেৰিকা প্ৰশাসনে ইয়াক ফৌজদাৰী অপৰাধ বুলি অভিহিত কৰিছে ।