নিউজ ডেস্ক,৩ মাৰ্চ: এইবাৰ ওলোটা লিখনিৰে (মিৰ'ৰ ৰাইটিং) অভিলেখ সৃষ্টি কৰিলে কেৰালাৰ এগৰাকী মহিলাই । ৰাজ্যখনৰ কাচাৰাগোড জিলাৰ ৪৪ বছৰীয়া কে ললিতাই সোঁফালৰ পৰা বাওঁফাললৈ মালায়ালম ভাষা লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে । আৰবী ভাষা যি ধৰণে সোঁফালৰ পৰা বাওঁফালে লিখা হয়, সেই আৰ্হিত কাচাৰাগোড জিলাৰ কে ললিতাই মালায়ালম লিখিছে যিবোৰ আয়নাত প্ৰতিফলিত কৰি পঢ়িব পৰা যায় ।
মহামাৰীৰ পৰিস্থিতিৰ মাজত লকডাউনত ললিতাক সন্তানে ওলোটা লিখাৰ কলা সম্পৰ্কে এক ধাৰণা দিছিল । প্ৰথমে তাইৰ নাম পিছফালৰ পৰা লিখিবলৈ আৰম্ভ কৰিছিল । পৰৱৰ্তী সময়ত এটা নতুন বস্তু শিকাৰ উৎসাহেৰে তাই ওলোটা লিখাৰ দক্ষতা অতি সোনকালে অৰ্জন কৰিব পাৰিছিল । ললিতাই মালায়ালম ভাষাত ভাৰতৰ সকলো ৰাজ্য আৰু ৭০০তকৈও অধিক জিলাৰ নাম সোঁফালৰ পৰা বাওঁফালে লিখিবলৈ শিকিছে । তাই এই সকলোবোৰ বিপৰীত ক্ৰমত মনত ৰাখিব পাৰে আৰু ওলোটাকৈ লিখিব পাৰে ।