নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : কেৰালা চৰকাৰে ৰাজ্যখনত উচ্চতৰ মাধ্যমিক শিক্ষাত পথ সুৰক্ষা নিয়মৰ সন্দৰ্ভত এখন গ্ৰন্থ অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে (book on road safety in Kerala schools) । তাৰ লগতে উচ্চতৰ মাধ্যমিক শ্ৰেণীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে চালকৰ লাৰ্ণাৰ অনুজ্ঞা-পত্ৰ লাভ কৰিব ।
কেৰালাৰ পৰিবহণ মন্ত্ৰী (Kerala transport minister) এণ্টনি ৰাজু আৰু শিক্ষা মন্ত্ৰী ভি শিৱানকুট্টিয়ে একেলগে 'Road Safety today' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ।
উল্লেখ্য, ইয়াৰ ফলত উচ্চতৰ মাধ্যমিক শিক্ষা সফলতাৰে সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলে ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰাৰ সময়ত আন এখন লাৰ্ণাৰ অনুজ্ঞা-পত্ৰ (learner driving license) লোৱাৰ প্ৰয়োজন নাথাকিব ।