অসম

assam

ETV Bharat / bharat

কেৰালাত দুই ৰে’ল যাত্ৰীৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সোণ জব্দ

চেন্নাইৰ পৰা এল্লেপ্পী অভিমুখী যাত্ৰীবাহী ৰে’লৰ দুজন যাত্ৰীৰ পৰা মঙলবাৰে 1.04 কোটি টকাৰ 1.989 কিলোগ্ৰাম অবৈধ সোণ জব্দ সীমা শুল্ক বিভাগৰ ৷ সৰবৰাহকাৰী দুজনে কঁকালত সোণখিনি বান্ধি অনা বুলি শুল্ক কমিচনাৰে জানিবলৈ দিয়ে ৷

Smuggled gold worth Rs 1.04 cr seized from train passengers in kerala
কেৰালাত দুই ৰে’ল যাত্ৰীৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সোণ জব্দ

By

Published : Nov 18, 2020, 11:18 AM IST

নিউজ ডেস্ক,18 নৱেম্বৰ : মঙলবাৰে চেন্নাইৰ পৰা এল্লেপ্পী অভিমুখী যাত্ৰীবাহী ৰে’লৰ দুজন যাত্ৰীৰ পৰা 1.989 কিলোগ্ৰাম অবৈধ সোণ জব্দ কৰে সীমা শুল্ক বিভাগে ৷ জব্দকৃত সোণখিনিৰ মূল্য 1.04 কোটি টকা বুলি সীমা শুল্ক বিভাগে জানিবলৈ দিয়ে ৷

কোচিৰ শুল্ক কমিচনাৰে জনোৱা মতে,সৰবৰাহকাৰী দুজনে কঁকালত সোণখিনি বান্ধি ৰাখিছিল ৷

এই ঘটনাৰ লেখীয়াকৈ চলিত সপ্তাহৰ আৰম্ভণিতে কেৰালা বায়ু চোৰাংচোৱা বিভাগে কানপুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত 674 গ্ৰাম ওজনৰ চাৰিটা সোণৰ কেপচুল জব্দ কৰিছিল ৷

লগতে পঢ়ক :উত্তৰ প্ৰদেশৰ মিৰাটত চিলিণ্ডাৰ বিস্ফোৰণঃ 2 জন নিহত, আহত 5 জন

ABOUT THE AUTHOR

...view details