নিউজ ডেস্ক, ৩১ অক্টোবৰ :পাথানামথিট্টা মানৱ বলিদানৰ (Pathanamthitta human sacrifices) পিছত কেৰালাৰ থিৰুৱন্তপুৰমৰ ওচৰৰ পৰাশলাত আৰু এটা ভয়ংকৰ অপৰাধৰ ঘটনা পোহৰলৈ আহিছে । এগৰাকী 22 বছৰীয়া যুৱতীক তেওঁৰ প্ৰেমিকক বিহ দি হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে (girl arrested charging killing of boyfriend) ।
আৰক্ষী সূত্ৰই জনোৱা মতে, কেৰালা সীমান্তৰ ওচৰৰ তামিলনাডুৰ ৰামবৰ্মনচিৰাৰ বাসিন্দা গ্ৰীষ্মাই কেৰালা সীমান্তৰে ওচৰৰ তিৰুৱন্তপুৰমৰ ওচৰৰ পৰাশলাৰ বাসিন্দা শ্বেৰণ ৰাজৰ প্ৰেমত পৰিছিল । ইফালে তেওঁৰ পিতৃ-মাতৃয়ে এজন সৈনিকৰ সৈতে তেওঁৰ বিবাহ ঠিক কৰিছিল । তাৰ পিছত যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালে তেওঁৰ প্ৰেমিকক হত্যা কৰি তাৰ পৰা পৰিত্ৰাণ পোৱাৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ কৰা হৈছে (Kerala girl killing boyfriend by poisoning) ।
লগতে যুৱতীগৰাকীৰ পৰিয়ালে অন্ধবিশ্বাসৰ বলি হৈ উক্ত হত্যাৰ ষড়যন্ত্ৰৰ পৰিকল্পনা কৰা বুলি কোৱা হৈছে । অন্ধবিশ্বাসটো হৈছে যে তেওঁক প্ৰথমে যিয়েই বিয়া কৰাব, তেওঁ নৱেম্বৰৰ আগতে কম সময়ৰ ভিতৰতে মৃত্যুবৰণ কৰিব । ঘটনাক্ৰমে শ্বাৰণ ৰাজে বিষক্ৰিয়াত মৃত্যু হোৱাৰ পূৰ্বে কেইবাবাৰো তামিলনাডুত গ্ৰীষ্মা থকা ঠাইলৈ গৈছিল । পূৰ্বপৰিকল্পিত ষড়যন্ত্ৰৰ অংশ হিচাপে তেওঁ এটা গীৰ্জাত অনানুষ্ঠানিকভাৱে বিয়া কৰাইছিল বুলিও সন্দেহ কৰা হৈছে ।
উল্লেখ্য, ছেপ্টেম্বৰৰ 14 তাৰিখে শ্বাৰণে তামিলনাডুৰ ৰামবৰ্মনচিৰাত থকা যুৱতীগৰাকীৰ ঘৰলৈ ৰেকৰ্ড বুক এখন ঘূৰাই ল'বলৈ গৈ সুস্থ অৱস্থাতেই ঘৰলৈ উভতি আহিছিল । কিন্তু শ্বাৰণ ৰাজৰ পৰিয়ালে অভিযোগ কৰিছে যে তাৰ পিছত তেওঁ যিটো ৰোগত ভোগে তাৰ কাৰণ আছিল যুৱতীগৰাকীয়ে তেওঁৰ ঘৰত দিয়া বিহ মিহলি ফলৰ ৰস ।