নেশ্যনেল ডেস্ক,১৮ নৱেম্বৰ :কৰ্মত সৰু-ডাঙৰ নাই । বহুতে কয় যে কৰ্মৰ ক্ষেত্ৰত লজ্জা থকাটোও উচিত নহয় । ইচ্ছা শক্তি আৰু মনৰ বিশ্বাস থাকিলে মানুহে তীব্ৰ প্ৰত্যাহ্বানকো নেওচি সফল হ'ব পাৰে । সেই কথাই প্ৰমাণ কৰিলে কেৰালাৰ কালাদি সংস্কৃত বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষকে । গৱেষণাৰ উপৰিও তেওঁ বিশ্ববিদ্যালয়ৰ কেণ্টিনত ৰান্ধনি হিচাপে কাম কৰি গৈছে ।
ব্যক্তিগৰাকী হৈছে পণ্ডিত অখিল কাৰ্তিকেয়ান । তেওঁ অষ্টম শ্ৰেণীৰ পৰাই অধ্যয়নৰ সমান্তৰালকৈ আন কৰ্মৰ সৈতেও জড়িত হৈ আছে । বৰ্তমান তেওঁ গৱেষণা কৰি থকা বিশ্ববিদ্যালয়ৰ কেণ্টিনত ৰান্ধনি হিচাপে কাম কৰে ।
যোৱা ৪ মাহ ধৰি তেওঁ পুৱা ৫ বজাত কেণ্টিনলৈ গৈ ৩০০ পৰঠা প্ৰস্তুত কৰে । কেণ্টিনৰ কাম শেষ হোৱাৰ পাছত তেওঁ পুৱা ৯.৩০ বজাত শ্ৰেণীৰ বাবে সাজু হ'বলৈ নিজৰ হোষ্টেললৈ উভতি যায় ।
কেৰালাৰ কোল্লাম জিলাৰ সূৰানাদৰ বাসিন্দা অখিলে তেওঁৰ জীৱনত যথেষ্ট সংগ্ৰাম দেখিছে । সকলো বাধা স্বত্বেও, তেওঁ পঢ়া-শুনা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে আৰু মালায়ালমত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছে । তাৰ পাছত তেওঁ গৱেষণা কৰাৰ সিদ্ধান্ত লয় । ড০ বৎসলন ভাথুচেৰীৰ নিৰ্দেশনাত তেওঁ 'মালায়ালম বোলছবি আৱেগিক বিৱৰ্তন আৰু ব্যৱসায়ৰ ৰাজনীতি' সন্দৰ্ভত গৱেষণা চলাই আছে কিয়নো চিনেমাৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহ আছে । লগতে, অখিল এগৰাকী কণ্ঠশিল্পী আৰু চিত্ৰশিল্পীও । ৫ বছৰৰ বাবে পঞ্চায়তৰ সদস্য হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছে ।