নেশ্যনেল ডেস্ক, 10 জানুৱাৰী :পতি-পত্নীৰ সম্পৰ্ক আজন্ম প্ৰেমৰ ৷ সেইবাবেই হয়তো ভাৰতীয় সমাজ ব্যৱস্থাত বিয়াক কেৱল মাত্ৰ এটা নহয় সাত জনমৰ বাবে গঢ়ি উঠা এটা সম্পৰ্ক হিচাপে বিবেচনা কৰা হয় ৷ দৰা-কইনাও সেইবাবেই বিয়াৰ দিনা এজনে আনজনৰ সৈতে এটা নহয়, সাতটা জনমৰ বাবে এক হৈ থকাৰ প্ৰতিজ্ঞাবদ্ধ হয় ৷
মুঠৰ ওপৰত বিবাহ যে শাৰিৰীক সম্পৰ্কৰ মিলনৰ সলনি আত্মাৰহে মিলন, সেই কথা ভাৰতীয় সমাজ ব্যৱস্থাই সদায়েই প্ৰতিষ্ঠা কৰি আহিছে ৷ পিছে, এখন আদৰ্শ সমাজ প্ৰায়েই আদৰ্শ হৈয়েই থাকি যায় ৷ কিয়নো বহুজনে বহু সময়ত বহুধৰণৰ অ-সামাজিক কাৰ্যত লিপ্ত হৈ আহি আমাৰ সমাজ ব্যৱস্থাৰ প্ৰতি মাতি আনে ভাবুকি ৷
তেনেই এক ঘটনা আজি লৈ আনিছো আপোনাৰ বাবে ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে যৌন সম্ভোগৰ বাবে সংগী সলনি কৰা (Swingers for sex) এটা চক্ৰৰ আশ্চৰ্যকৰ খবৰ ৷ আৰক্ষীয়ে ইতিমধ্যে এই গোচৰত 6 জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে (Police arrested people for exchanging sex partners) ৷
অৱশ্যে, এই গোচৰৰ সৈতে জড়িত এজন ব্যক্তিয়ে পলায়ন কৰিছে চৌদি আৰৱলৈ ৷ প্ৰায় 25 জন লোকক এই ঘটনাৰ সৈতে জড়িত হোৱাৰ অভিযোগত নিৰীক্ষণত ৰাখিছে আৰক্ষীয়ে ৷