নেশ্যনেল ডেস্ক, ১ জানুৱাৰী: কেৰালা ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত নতুন শিক্ষা নীতিৰ অধীনত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে মুঠ ১.৭৫ লাখ শিক্ষাৰ্থীয়ে নামভৰ্তি কৰে । লোক শিক্ষা কাৰ্যকল্প মিছন আৰম্ভণিৰ পাচতে বিগত চাৰি বছৰত ৬.৮ লাখতকৈও অধিক শিক্ষাৰ্থীয়ে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰে । লোক শিক্ষা কাৰ্যকল্প মিছন অৰ্থাৎ প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণৰ বাবে লোৱা চৰকাৰী আৰু বে-চৰকাৰী ব্যৱস্থাসমূহ ।
যোৱা বছৰৰ শিক্ষা বৰ্ষৰ তুলনাত এই বছৰৰ শিক্ষা বৰ্ষত ৮১৭০ তকৈও অধিক শিক্ষাৰ্থীয়ে প্ৰথম শ্ৰেণীত, ৪৩৭৮৯ তকৈও অধিক শিক্ষাৰ্থীয়ে পঞ্চম শ্ৰেণীত, ৩৫৬০৬ তকৈও অধিক শিক্ষাৰ্থীয়ে অষ্টম শ্ৰেণীত চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰে । চৰকাৰী বিদ্যালয়ত ১৭৫০৭৪ তকৈও অধিক শিক্ষাৰ্থীয়ে বিভিন্ন শ্ৰেণীত নামভৰ্তি কৰে । যোৱা বছৰৰ তুলনাত এই বৰ্ষত মুঠ ৪৭,৭৬০ গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰে ।