অসম

assam

ETV Bharat / bharat

ক'ভিড-১৯ৰ ১ কোটি প্ৰতিষেধক ক্ৰয় কৰিব কেৰালা চৰকাৰে

কেৰালা চৰকাৰে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা ৭০ লাখ ক'ভিশ্বিল্ড ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । লগতে ভাৰত বায়'টেকৰ পৰা কেৰালা চৰকাৰে ক্ৰয় কৰিব ৩০ লাখ কোভাক্সিনৰ । কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে শুকুৰবাৰে এই কথা প্ৰকাশ কৰে ।

By

Published : Apr 30, 2021, 9:13 PM IST

Kerala government has decided to buy 70 lakh doses of Covishield
এক কোটি প্ৰতিষেধক ক্ৰয় কৰিব কেৰালা চৰকাৰে

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: ক'ভিড-১৯ৰ প্ৰতিষেধক নিৰ্মাতাৰ পৰা প্ৰতিষেধকৰ ১ কোটি পালি ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেৰালা চৰকাৰে । শুকুৰবাৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে এই কথা জানিবলৈ দিয়ে । তেওঁ কয় যে, ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা ক'ভিশ্বিল্ডৰ ৭০ লাখ পালি ক্ৰয় কৰা হ'ব আৰু ভাৰত বায়'টেকৰ পৰা কেৰালা চৰকাৰে কোভাক্সিনৰ ৩০ লাখ পালি ক্ৰয় কৰিব ।

জি এছ টিসহ ক'ভিশ্বিল্ড প্ৰতিষেধক ক্ৰয়ৰ বাবদ চৰকাৰে ২৯৪ কোটি টকা ব্যয় কৰিব লাগিব । আনহাতে, কোভাক্সিন ক্ৰয়ৰ বাবদ ব্যয় হ'ব ১৮৯ কোটি টকা । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যখনৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষেধক ক্ৰয় কৰা হ'ব । ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ লোকক প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰিব কেৰালা চৰকাৰে ।

প্ৰতিষেধক মজুত থকাৰ ওপৰত নিৰ্ভৰ কৰি টীকাকৰণ অভিযান চলোৱা হ'ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ কয় যে, প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণ কৰা সকলক এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব ।

কেন্দ্ৰই প্ৰতিষেধক প্ৰস্তুতকাৰী কোম্পানীবোৰক ভিন ভিন মূল্যত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰক প্ৰতিষেধক বিক্ৰী কৰিবলৈ অনুমতি দিয়াৰ সিদ্ধান্ত সলনি কৰা উচিত বুলি মন্তব্য কৰে পিনাৰায়ী বিজয়নে । কেন্দ্ৰীয় চৰকাৰক বিক্ৰী কৰা মূল্যতে ৰাজ্য চৰকাৰসমূহকো প্ৰতিষেধক বিক্ৰী কৰিবলৈ কোম্পানীবোৰক নিৰ্দেশ দিবলৈ তেওঁ কেন্দ্ৰক আহ্বান জনায় ।

লগতে পঢ়ক:টীকাকৰণ অভিযান সুচাৰুৰূপে চলোৱাৰ প্ৰয়াস দিল্লী চৰকাৰৰ

ABOUT THE AUTHOR

...view details